কা বাতিল নোহোৱা পৰ্য্যন্ত আন্দোলন চলি “কা বিৰোধী জাতীয় মঞ্চ”ৰ চচলত চলি থকা আঠছল্লিশ ঘন্টীয়া ঘৰ্মঘটস্থলীতেই “জোঁৰ প্ৰতিবাদ” ৰে বিক্ষোভ প্ৰদৰ্শন

1 min read

গুৱাহাটী, ১৫ মাৰ্চ, ২০২৪ : আমাৰ ৰাজ্যত কোনো কাৰণে নাগৰিকত্ব সংশোধনী আইন খন কাৰ্য়্যকৰি কৰিবলৈ দিয়া নহব। প্ৰয়োজন হলে চৰকাৰী বাহিনীৰ বন্দুকৰ গুলি বুকুত পাতি লবলৈ সাজু আছো। অসমীয়া জাতিৰ ভাষা-কৃষ্টি-সংস্কৃতিৰ লগতে  ৰাজনৈতিক আৰু ভূমিৰ অধিকাৰ অক্ষুন্ন ৰাখিবলৈ আমি বদ্ধপৰিকৰ। গতিকে, আন্দোলন চলিবই ,যেতিয়ালৈকে কা বাতিল নহব। এই বক্তব্য যোৱা কালিৰ পৰা চচলৰ নিৰ্দ্ধাৰিত ধৰ্ণাস্থলিত কা বাতিলৰ দাবীত আঠছল্লিশ ঘন্টীয়া অবিৰত ঘৰ্মঘট কাৰ্য্যসূচী চলাই থকা দহটাকৈ জাতীয়-জনগোষ্ঠীয় সংগঠনৰ ঐক্যবদ্ধ যৌথ মঞ্চ ” কা বিৰোধী জাতীয় মঞ্চ ” আহ্বায়ক ৰুবুল দাসৰ। অবিৰত ঘৰ্মঘট চলি থকাৰ মাজতেই আজি সন্ধিয়া ৬-০০ বজাত আন্দোলনকাৰী সকলে হাতে হাতে জোঁৰ শিখা লৈ অসম চৰকাৰ হায় হায়, কা বাতিল কৰিবই লাগিব, বিজেপি চৰকাৰ হায় হায়, বিজেপি মূৰ্দাবাদ, হিমন্ত বিশ্ব মূৰ্দাবাদ, আমাৰ দাবী মানিবই লাগিব, কা বলৱৎ কৰিব দিয়া নহব, নৰেন্দ্ৰ মোডী হুচিয়াৰ, সৰ্বানন্দ নিপাত যাওঁক, কা বিৰোধী আন্দোলন জিন্দাবাদ আদি ধৰ্ণাৰে সমগ্র চচলৰ প্ৰতিবাদস্থলী মুখৰিত কৰি তোলে। প্ৰায় তিনি শতাধিক প্ৰতিবাদকাৰীয়ে এটা সময়ত জোঁৰ লৈ ধৰ্ণাস্থলিৰ পৰা ওলাই আহি সন্মুখৰ ভিআইপি পথটো বন্ধ কৰি দিবলৈ চেষ্টা কৰে। কিন্তু তাত থকা আৰক্ষী-চিআৰপি ৰ জোৱান সকলে বেৰিকেড দি আন্দোলন কাৰী সকলক শান্ত কৰিবলৈ চেষ্টা কৰাত পৰিস্থিতি উপ্তত্ত হৈ পৰে। প্ৰায় এঘন্টা সময় জোঁৰ প্ৰতিবাদ হোৱাৰ পিছত প্ৰতিবাদী সকল পুনৰ ঘৰ্মঘটস্থলীলৈ ওভতি যায়।


     ইফালে মহামান্য উচ্চতম ন্যায়ালয়ত অহা উনৈশ মাৰ্চত কা ৰ সম্পৰ্কত শুনানীৰ দিন ধার্য্য কৰাৰ পৰিপ্ৰেক্ষিতত মঞ্চৰ উদ্যোগত চলি থকা অবিৰত ঘৰ্মঘট কাৰ্য্যসূচী আজি সাময়িক ভাৱে স্থগিত ৰখাৰ কথা আহ্বায়ক ৰুবুল দাস, প্ৰদীপ কলিতা, গগন কলিতা, সঞ্জীব চিয়াম দেউৰী, জিতু কাকতি, হৰিপ্ৰসাদ দেউৰী, দিপেন গগৈ, ৰিতুৰাজ শইকীয়াই সংবাদ মাধ্যমৰ আগত ঘোষনা কৰে। অৱশ্যে, উনৈশ মাৰ্চত বিয়লি ৩ বজাত মঞ্চৰ এখন গুৰুত্বপূৰ্ণ সভাৰ আহ্বান কৰা হৈছে। সেই সভাতেই পৰৱৰ্তী কাৰ্য্যসূচীৰ সিদ্ধান্ত গ্ৰহণ কৰা হব বুলি ৰুবুল দাসে প্ৰকাশ কৰি কয় যে, কা বাতিলৰ এই মহাৰণ খনলৈ সকলো ৰাজ্যবাসীৰ লগতে জাতীয়-জনগোষ্ঠীয় সংগঠন সমূহে নৈতিক সমৰ্থন আগবঢ়োৱাৰ  লগতে সহযোগিতা কৰিলেহে অসমীয়া জাতি মৃত্যুৰ পৰা বাচিব ।

You May Also Like

More From Author