অক্টোবৰত মুকলি হ’ব উত্তৰ গুৱাহাটী সংযোগী দলং

1 min read

অক্টোবৰ মাহত মুকলি হ’ব গুৱাহাটী-উত্তৰ গুৱাহাটী সংযোগী দলং৷ এই দলঙে হ্ৰাস কৰিব গুৱাহাটী-আমিনগাঁৱৰ যানজঁট৷ সোমবাৰে গুৱাহাটী-উত্তৰ দলঙৰ এটা অংশ মুকলি কৰি কথা ঘোষণা কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷ মুখ্যমন্ত্ৰী শৰ্মাই সোমবাৰে কামৰূপ মহানগৰ আৰু কামৰূপ জিলাৰ মুঠ ১,২০৮ কোটি টকাৰ চাৰিটা প্ৰকল্প উদ্বোধন, শিলান্যাস আৰু ভূমিপূজন কৰি এই কথা ঘোষণা কৰে৷ মুখ্যমন্ত্ৰী শৰ্মাই সোমবাৰে ৩২৬ কোটি টকা ব্যয় সাপেক্ষ গুৱাহাটী-উত্তৰ গুৱাহাটী সংযোগী দলঙৰ দক্ষিণপাৰে এলিভেটেড কৰিড’ৰ উদ্বোধন কৰাৰ উপৰি ১১৬ কোটি টকা ব্যয় সাপেক্ষ ১০০ খন বিচনাযুক্ত আজাৰা জিলা চিকিৎসালয়ৰ শিলান্যাস, ৩৫৮ কোটি টকা ব্যয় সাপেক্ষ ভি আই পি জংচনৰ পৰা ধাৰাপুৰ বিমানবন্দৰ সংযোগী বৰ্তমানৰ দুইলেনযুক্ত পথক চাৰিলেনযুক্ত পথলৈ উন্নীতকৰণৰ প্ৰকল্প আৰু ৪৪৮ কোটি টকা ব্যয় সাপেক্ষ গৌৰীপুৰ টি জংচনত ট্ৰামপেট ইণ্টাৰচেঞ্জৰ ভূমিপূজন কৰে৷

উত্তৰ গুৱাহাটী গৌৰীপুৰত ৰাজ্যৰ প্ৰথমটো ট্ৰাম্পেট ইণ্টাৰচেঞ্জৰ শিলান্যাস আৰু ভূমি পূজন কৰিলে মুখ্যমন্ত্ৰী  হিমন্ত বিশ্ব শৰ্মাই 

You May Also Like

More From Author