বিয়াৰ আগলৈ ঠিকেই আছিল কইনা, কিন্তু তাৰ পিছত যি ঘটনা কৰিলে… মূৰে-কপালে হাত দিছে দৰাই!

1 min read

সন্মুখত বিয়া। ঘৰত প্ৰস্তুতি তুংগত। কিন্তু বৰযাত্ৰী অহাৰ পূৰ্বেই ঘটিল চাঞ্চল্যকৰ ঘটনা। বিয়াৰ আগদিনা নিশাৰ অন্ধকাৰত নোহোৱা হ’ল কইনা। হঠাৎ ঘৰৰ পৰা কইনা নাইকীয়া হোৱাত লাগিল হাহাকাৰ। পৰিয়ালৰ সদস্যৰ লগতে বহু লোকে বিচাৰ-খোচাৰ কৰিলে, কিন্তু নাই।

হ’বলগীয়া দৰাৰ মূৰত ৰামটাঙোন শোধাই প্ৰেমিকৰ সৈতে পলাই গ’ল কইনা। যোৱাৰ সময়ত লৈ গ’ল আ-অলংকাৰ সকলো। কইনাৰ এই কাণ্ডত সৰগ ভাগি পৰে পৰিয়ালৰ ওপৰত। মূৰে-কপালে হাত দিছে হ’বলগীয়া দৰাই।

সংবাদ মাধ্যমৰ সূত্ৰ অনুসৰি, ১৮ এপ্ৰিলত বিয়া আছিল যুৱতীগৰাকীৰ। ফলত ঘৰত বিয়াৰ পূৰ্ণ প্ৰস্তুতি চলিছিল। কিন্তু বিয়াৰ আগদিনাই কইনা পলাই গ’ল প্ৰেমিকৰ সৈতে। পুৱাই কইনা পলাই যোৱাৰ ঘটনাত হতবাক হৈ পৰে পৰিয়ালৰ লোকসকল।

জনা গৈছে, যুৱতীগৰাকীৰ প্ৰেমিক ঘৰৰ কাষৰে। কিন্তু বিচাৰ-খোচাৰ কৰিও কইনাৰ শুংসূত্ৰ পোৱা নাই। কোনো উপায় নেদেখি আৰক্ষীৰ কাষ চাপে পৰিয়ালটো। থানাত কইনাৰ পৰিয়ালে জনায়, অৰুণ নামৰ এজন যুৱকে তেওঁলোকৰ কন্যাক ফুচুলাই লৈ গৈছে। আনকি যুৱতীগৰাকীয়ে ঘৰৰ গহণাও লগত লৈ গৈছে। আৰক্ষীয়ে ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে।

আৰক্ষীৰ প্ৰাথমিক তদন্তত সন্দেহ, কন্যাৰ এই সম্পৰ্ক মানি লোৱা নাছিল পিতৃ-মাতৃয়ে। সেইবাবেই পিতৃ-মাতৃৰ অমতত প্ৰেমিকৰ সৈতে জীৱন কটোৱাৰ সিদ্ধান্ত লৈছে। সেইবাবেই প্ৰেমিকৰ সৈতে পলাই গৈছে।

পৰিয়ালে জনায়, কন্যাৰ আচল উদ্দেশ্যৰ কথা তেওঁলোকে গমেই পোৱা নাছিল। কাৰণ বিয়াৰ আগদিনালৈ আনন্দিত দেখা গৈছিল কইনাক। সকলোৰে সৈতে সুন্দৰভাৱে কথাও পাতিছিল। কেনেকৈ কি হ’ল, সেয়া বুজিবই নোৱাৰিলে পৰিয়ালে।

ইফালে, হ’বলগীয়া কইনা পলাই যোৱাৰ খবৰ ৰাজহুৱা হ’বলৈ বেছি সময় নালাগিল। খবৰ পালে দৰাৰ ঘৰতো। হ’বলগীয়া দৰায়ো অস্বীকাৰ কৰে এই বিয়া। উত্তৰ প্ৰদেশৰ সীতাপুৰৰ কোতোৱালী অঞ্চলৰ মাহমুদাবাদত সংঘটিত হৈছে এই ঘটনা।

 

You May Also Like

More From Author