মনিপুৰত সন্ত্ৰাসবাদীৰ গুলিত নিহত আছাম ৰাইফলছৰ জোৱান

1 min read

দেশ মাতৃৰ সুৰক্ষাৰ বাবে নিয়োজিত গহপুৰৰ এজন বীৰ সন্তানে উগ্ৰপন্থীৰ গুলী বুকু পাতি লৈ অকাল মৃত্যুক আকোঁৱালি ল’বলগীয়া হয়। এই ঘটনাই সমগ্ৰ গহপুৰ মহকুমাত গভীৰ শোকৰ ছাঁ পেলাইছে।

অসম ৰাইফলছত কৰ্মৰত জোৱান জনৰ নাম গোপাল বিশ্বকৰ্মা(৪৮)। শনিবাৰে নিশা মনিপুৰৰ শ্ৰীপুৰত কৰ্তব্যৰত অৱস্থাত সন্ত্ৰাসবাদীৰ আক্ৰমণত নিহত হোৱা আছাম ৰাইফলছৰ জোৱান জনৰ ঘৰ গহপুৰ মহকুমাৰ গহপুৰ আৰক্ষী থানাৰ অন্তৰ্গত ৰজাবাৰীত। নিশা সন্ত্ৰাসবাদীৰ লগত হোৱা গুলিয়াগুলি ঘটনাত ৩৬নং অসম ৰাইফলছৰ জোৱানজনৰ মৃত্যু ঘটে বুলি জানিব পৰা গৈছে।

২০০২ চনত আছাম ৰাইফলছত যোগদান কৰি দেশ মাতৃৰ সুৰক্ষাৰ দায়িত্ব কান্ধ পাতি লোৱা গোপাল বিশ্বকৰ্মাই ৬০ দিনীয়া চুটি শেষ কৰি চলিত মাহৰ ১৬ এপ্ৰিল তাৰিখে নিজ ঘৰৰ পৰা গৈ কৰ্তব্যত যোগদান কৰিছিল।

যোৱা নিশা ১০ বজাৰ পৰা ১১ বজালৈকে পত্নীৰ লগত ফোন যোগে কথা-বতৰা হৈছিল গোপালৰ। ফোনত পত্নীক যোৱা নিশা ১২ বজাৰ পৰা নাইট ডিউটি থকাৰ কথাও কৈছিল।

কিন্তু দুৰ্ভাগ্যজনক ভাবে আজি পুৱতি নিশা প্ৰায় ৩ বজাত গোপাল বিশ্বকৰ্মাৰ পত্নীলৈ আহে স্বামীৰ মৃত্যুৰ খবৰ। তেওঁৰ মৃত্যুৰ বাতৰি বিয়পি পৰাৰ লগে লগে শোকাচ্ছন্ন হৈ পৰে সমগ্ৰ ৰজাবাৰী অঞ্চলৰ লগতে গহপুৰ মহকুমা।কান্দোনত ভাগি পৰে পৰিয়ালৰ লোক।মৃত্যুৰ সময়ত তেওঁ পত্নীৰ লগতে অষ্টম আৰু চতুৰ্থ শ্ৰেণীত অধ্যয়ন কৰা দুগৰাকী জীয়ৰী, বৃদ্ধা আৰু চাৰিজন ভাতৃৰ উপৰিও বহু আত্মীয়-স্বজনক ইহ-সংসাৰত এৰি থৈ গৈছে।

You May Also Like

More From Author