দক্ষিণ কামৰূপৰ ৰঙামাটিত বনৰীয়া হাতীৰ উপদ্ৰব

1 min read

ভাঙিছে মানুহৰ দেৱাল, বেৰা, ধ্বংস কৰিছে খেতি – বাতি; বন বিভাগৰ নিৰ্বিকাৰ ভূমিকা

পলাশবাৰী , ২৮ এপ্ৰিল : দক্ষিণ কামৰূপৰ ব্যৱসায়িক কেন্দ্ৰস্থল স্বৰূপ বিজয়নগৰৰ কাষৰীয়া জনবহুল বৃহত্তৰ ৰঙামাটিৰ বিভিন্ন অঞ্চলৰ কেবাখনো গাওঁত বিগত কেইবামাহ ধৰি এটা বনৰীয়া হাতীৰ জাকৰ মুক্ত বিচৰণে অঞ্চলটোৰ লোক সকলক শংকিত কৰি তুলিছে। বিশেষকৈ সন্ধিয়া আন্ধাৰ নামি অহাৰ পাছতেই বাটে – পথে, বাৰীয়ে – ঘৰে আৰম্ভ হয় হাতীৰ মুক্ত বিচৰণ । খাদ্যৰ সন্ধানত ওলাই অহা তিনিজনীয়া বনৰীয়া হাতীৰ জাক এটাই কেতিয়াবা একেলগে আৰু কেতিয়াবা ভাগ ভাগ হৈ বিগত কেইটামান দিনত বহু লোকৰ পকী দেৱাল আৰু বাঁহৰ বেৰ ভাঙি বাৰীত সোমাই কলগছ, কুঁহিয়াৰ, শাক – পাচলিকে ধৰি বিভিন্ন ঋতুকালীন খেতি খাই আৰু গছকি নষ্ট কৰি পেলোৱাত বাসিন্দা সকল ভীষণ অসুবিধাৰ সন্মুখীন হব লগা হৈছে । এই সন্দৰ্ভত অঞ্চলটোৰ ৰাইজে বন বিভাগৰ পশ্চিম কামৰূপ বন সংমণ্ডলৰ অধীনৰ লোহাৰঘাট আঞ্চলিক বন বিষয়া কাৰ্যালয়ক বহুবাৰ অৱগত কৰি অহাৰ পাছতো হাতী তিনিটাক তাৰ পৰা খেদি পঠিয়াবৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰা নাই বুলি অভিযোগ উত্থাপিত হৈছে ।

বিগত সময়চোৱাত হাতীয়ে বৃহত্তৰ ৰঙামাটি অঞ্চলৰ বাসিন্দা ক্ৰমে – নৃপেন মালী, চন্দ্ৰাবতী শৰ্মা , সাহিত্যিক , ডিম্বেশ্বৰ শৰ্মা , কলিতাপাৰাৰ বিমল মালী , মালিপাৰাৰ ফুনু মালাকাৰ , মহিলাপাৰাৰ নয়ন দাস আৰু নিৰঞ্জন ঠাকুৰীয়া, বামুণপাৰাৰ পংকজ শৰ্মা আৰু কমলেশ্বৰ মালী , বাকাৰাপাৰাৰ উজ্জ্বলা নাথ ,জয়ন্ত শৰ্মা, চকৰিপাৰাৰ সুৰেণ শৰ্মা মহিলাপাৰৰ হৰমোহন দাস, আৰু মনোজ শৰ্মাৰ ঘৰৰ চৌহদৰ পকী আৰু নতুনকৈ দিয়া বাঁহৰ বেৰ ভাঙি বাৰীত সোমাই তাণ্ডৱ চলাইছিল । এই সন্দৰ্ভত ৰঙামাটি অঞ্চলৰ ৰাইজে জানিবলৈ দিয়া মতে পূৰ্বতেও ৰাইজে হাতীৰ উপদ্ৰৱ সন্দৰ্ভত স্থানীয় লোহাৰঘাট বনাঞ্চলিক বিষয়া কাৰ্যালয়ক কেবাবাৰো অৱগত কৰিছিল । ৰাইজে বন বিভাগক কোনো ধৰণে সংৰক্ষিত বনাঞ্চল আৰু হাতীৰ বিচৰণথলী নোহোৱা ৰঙামাটি অঞ্চলত হাতীৰ বিচৰণ আৰু উপদ্রৱৰ সমস্যাৰ পৰা ৰাইজক ৰক্ষা কৰিবলৈ বন বিভাগৰ উৰ্ধতম কৰ্তৃপক্ষক দাবী জনোৱাৰ লগতে এইক্ষেত্ৰত পশ্চিম কামৰূপ বন সংমণ্ডলৰ বন সংমণ্ডল প্ৰাধিকাৰীৰ হস্তক্ষেপ আৰু তৎপৰতা কামনা কৰিছে । কিয়নো কোনো ধৰণৰ সংৰক্ষিত বনাঞ্চল নথকা ৰঙামাটিৰ দৰে জনবহুল অঞ্চলত বন বিভাগৰ অৱহেলাৰ বাবে অনাগত দিনত অঞ্চলটোত হাতী – মানুহৰ সংঘাত হোৱাটো নিশ্চিত বুলি আশংকা কৰা হৈছে। বিশেষকৈ কিবাকৈ হাতীৰ জাকটো যদি বাটৰহাত সংযোগী পথৰে উত্তৰ দিশলৈ ওলাই যায় তেন্তে মাত্ৰ ডেৰ কিলোমিটাৰ নিলগত থকা বিজয়নগৰৰ দৰে ব্যৱসায়িক কেন্দ্ৰস্থলত প্ৰৱেশ কৰাৰ সম্ভাৱনা আছে। তেতিয়া হলে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাহিৰত যোৱাটো নিশ্চিত।

অভিজিত কলিতা, পলাশবাৰী

You May Also Like

More From Author