নগাঁৱৰ বঢ়মপুৰত “বিশ্ব পশু চিকিৎসা দিৱস- ২০২৪” উদযাপন,বৰ্ষ শ্ৰেষ্ঠ পশু চিকিৎসক বঁটা প্ৰদান

1 min read

নিউজ ব্যুৰ’,নগাঁও,২৮এপ্ৰিল:–অসম পশুপালন আৰু পশু চিকিৎসা সেৱা সন্থাৰ উদ্যোগত আৰু নগাঁও জিলা শাখাৰ সহযোগত পশু চিকিৎসা দিৱসটি কেন্দ্ৰীয়ভাৱে দিনযোৰা কাৰ্য্যসূচীৰে উদযাপন কৰা হয় । এই উপলক্ষে বঢ়মপুৰস্থিত চৰকাৰী পশুধন পামত পুৱা জিলা পশুপালন বিষয়া ডাঃ শান্তনু কুমাৰ খাউণ্ডে বৃক্ষৰোপণ কাৰ্য্যসূচীৰে শুভাৰম্ভ কৰা অনুষ্ঠানত পশুধন পামখনৰ প্ৰাংগণত এখনি চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয় । প্ৰতিযোগিতাত বঢ়মপুৰ আৰু ইয়াৰ সমীপৱৰ্তী ৫খন চৰকাৰী-বেচৰকাৰী বিদ্যালয়ৰ শতাধিক ছাত্ৰ-ছাত্ৰীৰ অংশগ্ৰহণেৰে অনুষ্ঠিত প্ৰতিযোগিতাখনিত অংশগ্ৰহণ কৰা সকলোকে এখনি মানপত্ৰ প্ৰদান কৰা হয়। চিত্ৰাংকন প্ৰতিযোগিতাখনত বিচাৰক ৰূপে উপস্থিত থাকে জিলা গো-উন্নয়ন বিষয়া ডাঃ প্ৰবীৰ শইকীয়া আৰু ভাস্কৰ্য শিল্পী ৰাজীৱ শইকীয়া ।

বিয়লি পশুধন পামৰ প্ৰেক্ষাগৃহত অসম পশু চিকিৎসা পৰিষদৰ সভাপতি ডাঃ দণ্ডেশ্বৰ ডেকাৰ সঞ্চালনাত বিশ্ব পশু চিকিৎসা দিৱসৰ লগত সংগতি ৰাখি কাৰিকৰী সত্ৰ “Veterinarians are Essential Health Workers” শীৰ্ষক বিষয়ক লৈ এখনি মুকলি সভাত সভাপতিত্ব কৰে অসম পশুধন উন্নয়ন অভিকৰণৰ মুখ্য কাৰ্যকৰী বিষয়া ডাঃ মণিদ্বীপ দাসে । এই সভাতেই চাৰিগৰাকী উদ্যোগী পশুপালক ক্ৰমে ঘাঁহীৰ জিনা গোস্বামী শৰ্মা,দেউৰীগাঁৱৰ আৰতি সূত,ফুলগুৰি ধেমাজিগাঁৱৰ পবিত্ৰ কাকতি আৰু ধেপাজানৰ আফিয়া বেগমক সম্বৰ্ধনা জনোৱা হয় । পশুপালন আৰু পশু চিকিৎসা সেৱা সন্থা,অসমৰ সাধাৰণ সম্পাদক ডাঃকঙ্কন কলিতাই উদ্দেশ্যে বাখ্যা কৰা মুকলি সভাখনিত সমল ব্যক্তি হিচাপে উপস্থিত থাকে ডাঃ সংগীতা দাস আৰু ডাঃ অভিলাশা শৰ্মাই পশু চিকিৎসা বৃত্তিত জড়িত বিভিন্ন দিশ আৰু ৰোগসমূহৰ ওপৰত ডিজিটেল পদ্ধতিৰে আলোচনা কৰে । সভাত দক্ষতাৰে আৰু অতি নিষ্ঠা সহকাৰে নিজৰ কৰ্তব্য সমাপন কৰা পশু চিকিৎসকদ্বয় ডাঃ হাফিজুৰ ৰহমান আৰু ডাঃ মুধুমিতা দাসক অসম পশুপালন আৰু পশু চিকিৎসা সেৱা সন্থাই এই বছৰৰ “বৰ্ষশ্ৰেষ্ঠ পশু চিকিৎসক”ৰ বঁটা প্ৰদান কৰে । সভাৰ অন্তত শলাগৰ শৰাই আগবঢ়াই অসম পশুপালন আৰু পশুচিকিৎসা সেৱা সন্থাৰ নগাঁৱৰ সম্পাদক ডাঃ বিনয় কুমাৰ বৰদলৈয়ে । ইফালে উক্ত দিৱসৰ সৈতে সংগতি ৰাখি শোণিতপুৰ পশু চিকিৎসকৰ দল আৰু নগাঁও পশু চিকিৎসক দলৰ মাজত এখনি প্ৰীতি ক্ৰিকেট খেল প্ৰতিযোগিতাও অনুষ্ঠিত হয় । উক্ত খেলখনত নগাঁও পশু চিকিৎসক দল বিজয়ী হয় ।

ঋতু পৰ্ণ শৰ্মা,নগাঁও

You May Also Like

More From Author