ভেল্লা আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত ৰঙালী বিহু উদযাপনৰ প্ৰস্তুতি…

1 min read

গুৱাহাটী, ২৬ এপ্ৰিল: বৰপেটা সমষ্টিৰ অন্তৰ্গত ভেল্লা উচ্চতৰ মাধ্যমিক বিদ্যায়ৰ খেলপথাৰত
এইবেলিও ভেল্লা আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত অহা ২৭ এপ্ৰিল তাৰিখে ৰঙালী বিহু উদযাপনৰ আয়োজন কৰা হৈছে ।
বিহু উদযাপন সমিতিয়ে জানিবলৈ দিয়া মতে, সেইদিনা পুৱা পতাকা উত্তোলন , শ্বহীদ তৰ্পণ , চিত্ৰাংকন প্ৰতিযোগিতা, কেইবাটও বিহু দলৰ বিহু নৃত্যৰ লগতে বাৰেৰহনীয়া সাংকৃতিক সন্ধিয়াৰ আয়োজন কৰা হৈছে। এইবেলিৰ ৰঙালী বিহু উদযাপনৰ বিশেষ আকৰ্ষণ হব বহুতো জনপ্ৰিয় কণ্ঠশিল্পীৰ গীতৰ অনুষ্ঠান। উদ্যোগতাসকলে আটাইৰে সহায়- সহযোগিতা আৰু উপস্থিতি আন্তৰিকতাৰে কামনা কৰিছে ।

অভিজিৎ কলিতা, গুৱাহাটী।

You May Also Like

More From Author