নগাঁৱৰ কঠিয়াতলীৰ অৱসৰপ্ৰাপ্ত শিক্ষক ভূপেন চন্দ্ৰ বৰদলৈৰ অনন্য প্ৰয়াস

1 min read

নিউজ ব্যুৰ’,নগাঁও,২৭এপ্ৰিল:–ব্যক্তিগত প্ৰচেষ্টাৰে নিজ বাসগৃহত এটি সংগ্ৰহালয় স্থাপন কৰি ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে নগাঁৱৰ এগৰাকী শিক্ষকে । কঠিয়াতলীৰ কছাৰী গাঁৱৰ অৱসৰপ্ৰাপ্ত শিক্ষকগৰাকী হৈছে ভূপেন চন্দ্ৰ বৰদলৈ। অনন্য প্ৰয়াসৰে সংগ্ৰহালয় স্থাপন কৰা ব্যক্তিগৰাকীয়ে কাঠ আৰু বাঁহৰ বিভিন্ন ধৰণৰ সামগ্ৰী সাজি লাভ কৰিবলৈ সক্ষম হৈছে ৰাইজৰ ব্যাপক সমাদৰ । অৱসৰপ্ৰাপ্ত শিক্ষকগৰাকীয়ে বাঁহ আৰু কাঠেৰে বিভিন্ন ধৰণৰ মূৰ্তিৰ সমান্তৰালকৈ তৈয়াৰ কৰিছে অসমৰ পৌৰাণিক কালৰ বিভিন্ন আচবাবো । ইয়াৰোপৰি অসমৰ থলুৱা বিভিন্ন বাদ্যযন্ত্ৰ সাজি উলিওৱাৰ লগতে কিছু সংগ্ৰহ কৰি নিজ বাসগৃহৰ সংগ্ৰাহলয়ত ৰাখি ৰাইজৰ প্ৰদৰ্শনৰ ব্যৱস্থা কৰাৰ কথা ব্যক্ত কৰে। পৌৰাণিক সময়ৰ গ্ৰামোফ’ন,কেমেৰা,টোকোৰা চৰাইৰ বাঁহ,টেপ ৰেক’ৰ্ড আৰু বিভিন্ন ধৰণৰ সামগ্ৰী সংৰক্ষণ কৰি অঞ্চলবাসী ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে শিক্ষক ভূপেন চন্দ্ৰ বৰদলৈয়ে ।
উল্লেখ্য যে নগাঁও জিলাৰ কন্দলী হাবি গাঁৱত জন্মগ্ৰহণ কৰা ভূপেন বৰদলৈয়ে সৰুৰে পৰা এনেবোৰ কামৰ প্ৰতি আগ্ৰহী। আজৰি সময়ত তেঁও ভাস্কৰ্য শিল্পৰ লগতে কিতাপ পঢ়াৰ লগতে গান শুনি ভালপায়। তদুপৰি “য়াৰেং” নামৰ এখনি গ্ৰন্থ লিখি পাঠকৰ সমাদৰ লাভ কৰিছে । বৰদলৈৰ এনে প্ৰশংসনীয় পদক্ষেপক এতিয়া অঞ্চলবাসী ৰাইজে শলাগ লৈছে ।


ঋতু পৰ্ণ শৰ্মা,নগাঁও

You May Also Like

More From Author