IPLত অষ্টমটো শতক অৰ্জনেৰে বিৰাট কোহলিৰ ‘বিৰাট’ অভিলেখ!

1 min read

ৰয়েল চেলেঞ্জাৰছ বেংগালুৰু (Royal Challengers Bangalore)ৰ তাৰকা বেটছমেন বিৰাট কোহলিয়ে IPLত অষ্টমটো শতক অৰ্জন কৰি গঢ়িলে এক ‘বিৰাট’ অভিলেখ। IPL 2024ৰ ১৯ সংখ্যক মেচত ৰাজস্থান ৰয়েলছ (Rajasthan Royals)ৰ বিৰুদ্ধে বিৰাটে এই অভিলেখ গঢ়িবলৈ সক্ষম হয়। বিৰাটে ৬৭টা বলত শতক সম্পূৰ্ণ কৰে। আই পি এলত সৰ্বাধিক শতক অৰ্জন কৰা বেটছমেন বিৰাট কোহলি। তেওঁৰ পিছত আছে ৬টা শতক অৰ্জন কৰা ক্ৰীছ গেইল। জয়পুৰৰ ছাৱাই মানসিং ষ্টেডিয়ামত কোহলিয়ে ৩৯টা বলত নিজৰ অৰ্শধতক সম্পূৰ্ণ কৰে। এই সময়ছোৱাত তেওঁ আই পি এলতো ৭৫০০ ৰান সম্পূৰ্ণ কৰে। এই কৃতিত্ব অৰ্জন কৰা প্ৰথমজন বেটছমেন হৈছে বিৰাট। ৭২টা বলত ১১৩ ৰান সংগ্ৰহ কৰি অপৰাজিত হৈ উভতি আহে বিৰাটে। এই ছিজনত আই পি এলত ৩১৬ ৰান সংগ্ৰহ কৰিছে কোহলিয়ে। পুনৰ বিৰাটৰ দখলত অৰেঞ্জ কেপ।

বিৰাট কোহলি আৰু অধিনায়ক ফাফ ডু প্লেছিছে RCBৰ হৈ এক দুৰ্দান্ত আৰম্ভণি কৰে। দুয়োজনে প্ৰথম উইকেটৰ বাবে ১২৫ ৰানৰ অংশীদাৰিত্ব কৰে। ৩৩টা বলত ৪৪ ৰান সংগ্ৰহ কৰি আউট হৈছিল ডুপলেছিছ। আই পি এলত যিকোনো উইকেটৰ বাবে সৰ্বাধিক ১০০ প্লাছ পাৰ্টনাৰশ্বিপৰ অভিলেখ কোহলিৰ দখলত আছে। বিৰাটে এই কৃতিত্ব ২৮ বাৰ কৰাৰ বিপৰীতে ডেভিদ ৱাৰ্নাৰে এই তালিকাত দ্বিতীয় স্থানত আছে, যিয়ে ২৬ বাৰ ১০০ ৰানতকৈ অধিক অংশীদাৰিত্ব লাভ কৰিছে। সামগ্ৰিকভাৱে টি-২০ত বিৰাটৰ নৱম শতক।

ভিৰাটে ডি ভিলিয়াৰ্ছৰ সৈতে ১০ বাৰকৈ ১০০তকৈ অধিক অংশীদাৰিত্ব কৰিছে
বিৰাট কোহলি আৰু এ বি ডি ভিলিয়াৰ্ছৰ যুটিয়ে আই পি এলৰ যিকোনো উইকেটৰ বিপৰীতে ১০০ প্লাছৰ সৰ্বোচ্চ অংশীদাৰিত্ব অৰ্জন কৰিছে। কোহলি আৰু এবিডিয়ে এই কৃতিত্ব ১০ বাৰ কৰিছে, আনহাতে ক্ৰীছ গেলৰ সৈতে কোহলিয়ে ৯ বাৰ এই কৃতিত্ব অৰ্জন কৰিছে। ফাফ ডুপলেছিছৰ সৈতে তেওঁ ছবাৰ এই কাম কৰিছে। ২০২৪ চনৰ আই পি এলত পাৱাৰপ্লেত সৰ্বাধিক ৰান সংগ্ৰহ কৰা বেটছমেন হিচাপে পৰিগণিত হৈছে বিৰাট। এই ছিজনত তেওঁ পাৱাৰপ্লে’ত ১২১ ৰান সংগ্ৰহ কৰিছে।

IPLত সৰ্বাধিক ৰানৰ অভিলেখ বিৰাট কোহলিৰ
আই পি এলত সৰ্বাধিক ৰান সংগ্ৰহৰ অভিলেখ আছে বিৰাট কোহলিৰ। এই তালিকাত দ্বিতীয় স্থানত আছে শিখৰ ধাৱান। ধাৱনে ২২১খন খেলত ৬৭৫৫ ৰান সংগ্ৰহ কৰাৰ বিপৰীতে ডেভিদ ৱাৰ্নাৰে ১৮০খন খেলত ৬৫৪৫ ৰান সংগ্ৰহ কৰিছে। ২৪৬খন খেলত ৬২৮০ ৰান সংগ্ৰহ কৰি এই তালিকাৰ চতুৰ্থ স্থানত আছে ৰোহিত শৰ্মা।

You May Also Like

More From Author