ভাড়াত দিব কটন বিশ্ববিদ্যালয়ৰ চৌহদ, ৰাজহ সংগ্ৰহৰ বাবে ভাড়াত দিব কটন বিশ্ববিদ্যালয়ৰ চৌহদ

1 min read

ভাড়াত দিব কটন বিশ্ববিদ্যালয়ৰ চৌহদ। ৰাজহ সংগ্ৰহৰ বাবে ভাড়াত দিব কটন বিশ্ববিদ্যালয়ৰ চৌহদ। কটন বিশ্ববিদ্যালয়ৰ চৌহদ ভাড়াত দিব বাবে গঠন কৰা হৈছে ৬জনীয়া কমিটী। এইবাৰ বাহিৰৰ অনুষ্ঠান-প্ৰতিষ্ঠানক ভাৰাত দিব কটন বিশ্ববিদ্যালয়ৰ চৌহদ। অধ্যাপক অৰূপ কুমাৰ হাজৰিকাৰ অধ্যক্ষতাত কমিটী গঠন কৰিছে কৰ্তৃপক্ষই। কমিটীত আছে অধ্যাপক ৰাখী কলিতা মৰল। কমিটীত অধ্যাপক মনজিৎ কুমাৰ ভট্টাচাৰ্য, ডেইজী দাস। কমিটীত আছে কাৰ্যবাহী অভিযন্তা ৰাজীৱ লোচন শৰ্মা। উচ্চ বৰ্গৰ সহায়ক ৰামচন্দ্ৰ দাসো আছে কমিটীত। কমিটীয়ে চৌহদ আবণ্টনক লৈ প্ৰস্তুত কৰিব মাষ্টাৰ প্লেন।

কটন বিশ্ববিদ্যালয়ৰ এনে হতচকিত কাণ্ডৰ পিছতে স্তম্ভিত হৈ পৰিছে ৰাজ্যৰ সচেতন মহল। চৰকাৰী অনুদান নোপোৱাৰ পৰিপ্ৰেক্ষিত চৌহদ ভাৰা দিবলৈ ওলাইছে কটন বিশ্ববিদ্যালয় কৰ্তৃপক্ষ। ৰাজ্যৰ শিক্ষাক্ষেত্ৰত বছৰ বছৰ ধৰি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে কটন বিশ্ববিদ্যালয়ে।

You May Also Like

More From Author