আজি ঘোষিত উচ্চতৰ মাধ্যমিকৰ ফলাফলত ব্যাপক বিসংগতিৰ অভিযোগ৷ মিল নাই বুকলেটত প্ৰকাশিত ফলাফল আৰু অনলাইনত প্ৰচাৰিত ফলাফলৰ মাজত৷ বিসংগতিৰ অভিযোগ আনিছে দৰং মহাবিদ্যালয়ৰ অধ্যক্ষ ড° পলাশমণি শইকীয়াই৷ অধ্যক্ষ ড° শইকীয়াৰ অভিযোগ অনুসৰি, বুকলেটত যদি কোনো পৰীক্ষাৰ্থীয়ে দুটা বিষয়ত লেটাৰ মাৰ্ক পোৱা বুলি উল্লেখ কৰিছে, বিপৰীতে মাৰ্কশ্বিট ডাউনলোড কৰি দেখা পাইছে পাঁচটা আৰু ছটা বিষয়ত পৰীক্ষাৰ্থীগৰাকীয়ে লেটাৰ মাৰ্ক পাইছে৷ ঠিক তেনেদৰে ষ্টাৰ মাৰ্কৰ ক্ষেত্ৰতো অনুৰূপ বিসংগতি ধৰা পৰিছে বুকেলটত৷ মুঠতে বুকলেটৰ ফলাফলক লৈ আশ্বস্ত হ’ব পৰা নাই পৰীক্ষাৰ্থী আৰু শিক্ষক৷ ফলাফল ঘোষণাৰ ক্ষেত্ৰত দায়িত্ববাহী কাৰ ভুলৰ বাবে এনে বিসংগতি হৈছে সেয়া আন এক বিষয় যদিও এই মুহূৰ্তত পৰীক্ষাৰ্থীৰ লগতে শিক্ষক সকল চিন্তিত হৈ পৰা পৰিলক্ষিত হৈছে৷
উল্লেখযোগ্য যে আজি পুৱা ৯ বজাৰ লগে লগে অনলাইনত উপলব্ধ হয় উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ ফলাফল। প্ৰথমবাৰৰ বাবে এইবাৰৰ ফলাফলত নাই কোনো স্থানপ্ৰাপ্ত। ঘোষিত ফলাফল অনুসৰি, কলা শাখাত উত্তীৰ্ণ হাৰ ৮৯.১৮ শতাংশ, বিজ্ঞান শাখাত উত্তীৰ্ণ হাৰ ৮৯.৮৮ শতাংশ আৰু বাণিজ্য শাখাত উত্তীৰ্ণ হাৰ ৮৭.৮০ শতাংশ।
কলা শাখাত প্ৰথম বিভাগত উত্তীৰ্ণ ৪০,৪৯৯ গৰাকী শিক্ষাৰ্থী, দ্বিতীয় বিভাগত উত্তীৰ্ণ হয় ৬৫,৫৩২ গৰাকী আৰু তৃতীয় বিভাগত উত্তীৰ্ণ হয় ৭২,৭৭৫ গৰাকী শিক্ষাৰ্থী। বিজ্ঞান শাখাত প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে ২৩,৫৫২ গৰাকী শিক্ষাৰ্থী, দ্বিতীয় বিভাগত উত্তীৰ্ণ হৈছে ১৭,৩৩৯জন, তৃতীয় বিভাগত উত্তীৰ্ণ ৮,০৬২ গৰাকী শিক্ষাৰ্থী। আনহাতে, বাণিজ্য শাখাত প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে ৫,৯১৫ গৰাকী শিক্ষাৰ্থী, দ্বিতীয় বিভাগত উত্তীৰ্ণ হৈছে ৬,০৮৭ গৰাকী আৰু তৃতীয় বিভাগত উত্তীৰ্ণ হৈছে ৩,১৯৪ গৰাকী শিক্ষাৰ্থী। বিগত বৰ্ষৰ তুলনাত এইবাৰ উত্তীৰ্ণৰ হাৰ যথেষ্ট উন্নত।
এইবাৰৰ ফলাফল অনুসৰি, উত্তীৰ্ণৰ হাৰত কলা শাখাত শীৰ্ষত জিলিকিল বাক্সা জিলা। বাক্সা জিলাৰ উত্তীৰ্ণৰ হাৰ ৯৭.৪৪ শতাংশ। কলা শাখাত উত্তীৰ্ণৰ দ্বিতীয় স্থানত নলবাৰী জিলা, নলবাৰী জিলাৰ উত্তীৰ্ণৰ হাৰ ৯৭.০৩ শতাংশ। কলা শাখাত উত্তীৰ্ণৰ তৃতীয় স্থানত দৰং জিলা, দৰঙৰ উত্তীৰ্ণৰ হাৰ ৯৬.৫৯ শতাংশ। বিজ্ঞান শাখাত শীৰ্ষত জিলিকিল তামুলপুৰ জিলা। তামুলপুৰ জিলাৰ উত্তীৰ্ণৰ হাৰ ৯৭.৯৮ শতাংশ। বিজ্ঞান শাখাত উত্তীৰ্ণৰ দ্বিতীয় স্থানত শিৱসাগৰ জিলা, শিৱসাগৰ জিলাৰ উত্তীৰ্ণৰ হাৰ ৯৭.৬০ শতাংশ। বিজ্ঞান শাখাত উত্তীৰ্ণৰ তৃতীয় স্থানত বাক্সা জিলা, বাক্সা জিলাৰ উত্তীৰ্ণৰ হাৰ ৯৫.৮৬ শতাংশ।
আনহাতে, বাণিজ্য শাখাত উত্তীৰ্ণৰ শীৰ্ষত শিৱসাগৰ জিলা। শিৱসাগৰ জিলাৰ উত্তীৰ্ণৰ হাৰ ৯৭.৪২ শতাংশ। বাণিজ্য শাখাত উত্তীৰ্ণৰ হাৰত দ্বিতীয় স্থানত আছে বজালী জিলা, বজালী জিলাৰ উত্তীৰ্ণৰ হাৰ ৯৬.৯১ শতাংশ। বাণিজ্য শাখাত উত্তীৰ্ণৰ তৃতীয় স্থানত দুখন জিলা। বাক্সা আৰু চৰাইদেউ জিলাৰ উত্তীৰ্ণৰ হাৰ ৯৫.৮৮ শতাংশ।