পাকিস্তানৰ যুৱতীৰ দেহত ভাৰতীয়ৰ হৃদযন্ত্ৰ! নতুন জীৱন লৈ দেশলৈ ওভতাৰ অপেক্ষাত আয়েশা

0 min read

প্ৰয়োজন আছিল হৃদযন্ত্ৰ সংস্থাপনৰ। ১৯ বছৰীয়া পাক তৰুণীৰ প্ৰাণ ৰক্ষাৰ বাবে ইয়াৰ বাদে আন কোনো বিকল্প নাছিল। কিন্তু পাকিস্তানী সেই তৰুণীৰ পৰিয়ালৰ পক্ষে চিকিৎসাৰ এই বিপুল পৰিমাণৰ ধনৰ খৰচ বহন কৰাও সম্ভৱ নাছিল। শেষত তেওঁলোকৰ সহায় হ’ল চেন্নাইৰ এখন হাস্পতাল আৰু তাৰ চিকিৎসকসকল। এটা স্বেচ্ছাসেৱী সংস্থাৰ সহযোগিতাত আৰু চিকিৎকসকলৰ মহানুভৱতাৰ বাবে পাকিস্তানী যুৱতীগৰাকীৰ সফল হৃদযন্ত্ৰ সংস্থাপন সম্ভৱ হৈ উঠিল। বৰ্তমান দেশলৈ ওভতাৰ অপেক্ষাত আছে ১৯ বছৰীয়া আয়েশা ৰাশান।

আয়েশা পাকিস্তানৰ কৰাচীৰ বাসিন্দা। হৃদযন্ত্ৰত সমস্যা ধৰা পৰাৰ পিছত তেওঁক চিকিৎসাৰ বাবে চেন্নাইলৈ অনা হয়। চেন্নাইৰ এমজিএম হাস্পতালত ভৰ্তি কৰোৱা হয় যুৱতীগৰাকীক। আয়েশাৰ হৃদযন্ত্ৰৰ কৰ্মক্ষমতা কমি যোৱাত তেওঁক একমো ছাপ’ৰ্টত ৰাখিবলগীয়া হয়। কিন্তু পিছত পৰিস্থিতি আৰু অৱনতি হোৱাত আয়েশাৰ হৃদযন্ত্ৰ সংস্থাপনৰ প্ৰয়োজন হয়।

চিকিৎসকসকলে জনাইছে, অংগদান প্ৰক্ৰিয়াৰ মাধ্যমেৰে দিল্লীৰ পৰা আয়েশাৰ বাবে এটা হৃদযন্ত্ৰৰ সন্ধান পোৱা যায়। সৌভাগ্য়বশতঃ সেই সময়ত সেই হৃদযন্ত্ৰৰ বাবে আন কোনো আবেদনকাৰীৰ নাম তালিকাত নাছিল। ফলত বিদেশী হোৱা সত্ত্বেও আয়েশাৰ বাবে দ্ৰুত হৃদযন্ত্ৰ সংস্থাপনৰ ব্যৱস্থা সম্ভৱ হয়।

অস্ত্ৰোপচাৰৰ পিছত আয়েশা এতিয়া সুস্থ। ভৱিষ্য়তে ফেশ্বন ডিজাইনাৰ হোৱাৰ সপোন দেখিছে আয়েশাই। শাৰীৰিকভাৱেও এতিয়া যথেষ্ট ভাল বুলি জনাইছে তৰুণীগৰাকীয়ে. চেন্নাইৰ হাস্পতালৰ চিকিৎসক আৰু স্বেচ্ছাসেৱী সংস্থাৰ ওচৰত কৃতজ্ঞতা প্ৰকাশ কৰিছে আয়েশাৰ মাতৃয়েও।

You May Also Like

More From Author