বিষাক্ত ধূপ নহয়, উগ্ৰ গোন্ধৰ স্প্ৰে’ও নালাগে! জানি লওক মহ খেদাৰ ৫টা সহজ উপায়

1 min read

গৰমৰ দিনত মহৰ উপদ্ৰৱ! মহ খেদিবলৈ বহু লোকে ধূপ বা স্প্ৰে’ ব্যৱহাৰ কৰে। কিন্তু ৰাসায়নিক পদাৰ্থযুক্ত এইবোৰ সামগ্ৰী স্বাস্থ্যৰ বাবে ভাল নহয়। বহুতেই আকৌ ধূপ বা স্প্ৰে’ৰ গোন্ধ সহ্য কৰিবই নোৱাৰে। উশাহ-নিশাহত কষ্ট হয়। শিশুৰ বাবেও এই ধৰণৰ সামগ্ৰী নিৰাপদ নহয়। তেন্তে উপায় কি? গৰমৰ মহৰ কামোৰৰ পৰা ৰক্ষা পাব কিদৰে?

১. কৰ্পূৰ
মহ খেদিবলৈ ব্যৱহাৰ কৰা ধূপৰ গোন্ধ বহুতৰে সহ্য নহয়। তাৰ সলনি ঘৰত কৰ্পূৰ জ্বলাব পাৰে। কৰ্পূৰ জ্বলালে ঘৰত তেনে কোনো ধোৱা নহয়। যিসকলৰ শ্বাসতন্ত্ৰৰ সমস্যা আছে, তেওঁলোকৰ বাবেও কৰ্পূৰ নিৰাপদ।

২. পোছাক
মহক বুৰ্বক বনাব পাৰে পাতল ৰঙৰ, গা ঢকা পোছাক পিন্ধি। গাঢ় ৰঙে মহক আকৃষ্ট কৰে। শৰীৰৰ অনাবৃত্ত অংশত মহে বেছি কামোৰে। সেয়ে গা ঢকা পোছাক পিন্ধিলে ভাল।

৩. ঘৰৰ চৌপাশ পৰিচ্ছন্ন ৰখা
ঘৰৰ চৌপাশে জংঘল আদি থাকিলে মহৰ উপদ্ৰৱ বাঢ়ে। সেয়ে সময়মতে সকলো পৰিষ্কাৰ কৰি ৰাখিব লাগে। চৌপাশত কেতিয়াও পানী জমা হ’বলৈ দিব নালাগে।

৪. পোহৰৰ সঠিক ব্যৱহাৰ
ঘৰৰ বগা পোহৰ ভাল নালাগে বুলি হালধীয়া ‘মুড’ লাইট লগাইছে নেকি? এই হালধীয়া পোহৰ মহৰ খুব প্ৰিয়। মহৰ প্ৰকোপ কমাবলৈ বগা পোহৰ ব্যৱহাৰ কৰাই ভাল।

৫. প্ৰাকৃতিক উপায়
কিছুমান প্ৰাকৃতিক তেল যেনে ইউকেলিপটাছ, নিম, লেভেণ্ডাৰ, ছিনামন, থাইমৰ গোন্ধত মহ পলায়। গাত, পোছাকত বা ঘৰৰ কোণত এই তেল ছটিয়াই ৰাখিব পাৰে।

You May Also Like

More From Author