সুখবৰ! অক্ষয় তৃতীয়াত কমিল সোণৰ দাম! চাওক আজি গুৱাহাটীত কিমান দাম সোণ-ৰূপৰ?

1 min read

অক্ষয় তৃতীয়াৰ পূণ্য তিথিত বহুতেই সোণ কিনে। এই দিনটোত সোণ কিনা শুভ বুলি কোৱা হয়। বহু মানুহে এই দিনটোত অলপ হ’লেও সোণ কিনে। আপোনাৰো যদি এনে পৰিকল্পনা আছে, তেন্তে জানি লওক সোণৰ দাম।

সোণৰ দামৰ উত্থান-পতন হৈ থাকে। কিন্তু সম্প্ৰতি বহু পৰিমাণে বৃদ্ধি পাইছে সোণৰ দাম, যাৰ ফলত সোণৰ গহণা কিনাটো এতিয়া প্ৰায় অসম্ভৱপ্ৰায় হৈ উঠিছে মধ্যবিত্তৰ বাবে। কিন্তু বিনিয়োগৰ কথা আহিলে প্ৰথমে আহে সোণ-ৰূপৰ প্ৰসংগ। তাৰ লগতে বিয়া বা যিকোনো শুভ অনুষ্ঠানৰ ক্ষেত্ৰত সোণৰ কোনো বিকল্প নাই।

যদি সোণ আৰু ৰূপত বিনিয়োগ কৰিব লাগে, তেন্তে প্ৰথমে জানিব লাগিব দাম। কাৰণ সোণ-ৰূপৰ দাম কেতিয়াবা বাঢ়ে, কেতিয়াবা কমে।

আজি শুকুৰবাৰ, ১০ মে’। আজিৰ দিনটোলৈ চালে, বজাৰত সোণ-ৰূপৰ দাম কি চলি আছে?

দেখা গৈছে আজি সোণৰ দাম কিছু পৰিমাণে হ্ৰাস পাইছে। কিন্তু দাম বাঢ়িছে ৰূপৰ।

গুৱাহাটীত ৯ মে’ত ৰূপ দাম আছিল প্ৰতি কিলোগ্ৰামত ৮৮,৫০০ টকা। আজি ১ কিলোগ্ৰাম ৰূপৰ দাম হৈছেগৈ ৮৮,৭০০ টকা।

২২ কেৰেট সোণৰ দাম – ৯ মে’ত গুৱাহাটীত ১০ গ্ৰাম সোণৰ দাম আছিল ৬৭,৮৫০ টকা। আজি ১০ মে’ত ১০ গ্ৰাম সোণৰ দাম হ’ল ৬৭,৭৫০ টকা।

২৪ কেৰেট সোণৰ দাম – বৃহস্পতিবাৰে অৰ্থাৎ ৯ মে’ত প্ৰতি ১০ গ্ৰাম ২৪ কেৰেট সোণৰ দাম আছিল ৭১,২৪০ টকা। আজি সম পৰিমাণৰ সোণৰ দাম হৈছে ৭১,১৪০ টকা।

You May Also Like

More From Author