কচুৱা তিনিআলি পৰিবহন শ্ৰমিক সন্থা আৰু যুৱ ব্যৱসায়ী উৎপল বণিয়া উদ্যোগত শ্ৰমিক দিৱস উদযাপন

1 min read

নিউজ ব্যুৰ’,নগাঁও,১মে’:–আজি ১মে’। সমগ্ৰ বিশ্বতে উদযাপন কৰা হৈছে শ্ৰমিক দিৱস। শ্ৰমিক দিৱসটি কচুৱা তিনিআলি পৰিবহন শ্ৰমিক সন্থাৰ উদ্যোগত দিনযোৰা বিস্তৃত কাৰ্যসূচীৰে উদযাপন কৰা হয় । শ্ৰমিক দিৱসৰ কাৰ্যসূচী অনুসৰি পুৱা পতাকা উত্তোলনৰে শুভাৰম্ভ কৰে সন্থাৰ সভাপতি চইদুৰ ৰহমানে। দুপৰীয়া কচুৱা তিনিআলি পৰিবহন শ্ৰমিক সন্থাই দিৱসৰ লগত সংগতি ৰাখি সদ্যঘোষিত উচ্চ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ ডেৰ শতাধিক ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জ্ঞাপন কৰে ।


কচুৱা উচ্চতৰ মাধ্যমিকৰ অধ্যক্ষ হবিবুৰ ৰহমানৰ সভাপতিত্বত অনুষ্ঠিত সভাত সমাজকৰ্মী ইছলাম কাজি, সংখ্যালঘু ছাত্ৰ সন্থাৰ নগাঁও জিলাৰ সভাপতি আব্দুল নুৰ,কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সভাপতি ৰাজু বৰা, লাচিত সেনাৰ মুখপাত্ৰ প্ৰকাশ বৰুৱা, নিলমনি শইকীয়াই বক্তব্য প্ৰদান কৰে । ইয়াৰোপৰি সভাত ৰহা সমষ্টিৰ এ আই ইউ ডি এফৰ সভাপতি জহুৰ আলি, শিক্ষক আব্দুল ৰহিম,কচুৱা জুনিয়ৰ কলেজৰ অধ্যক্ষ আবুল হাচেন, মাধৱপাৰা হাইস্বুলৰ প্ৰধান শিক্ষক বাহাৰুল ইছলাম,কচুৱা উচ্চ মাধ্যমিক বালিকা বিদ্যালয়ৰ প্ৰধান শিক্ষক আলি আকবৰ,সংখ্যালঘু সংগ্ৰাম পৰিষদৰ সভাপতি আবু বক্কৰ ছিদ্দিক,কচুৱা তিনিআলি পৰিবহন শ্ৰমিক সন্থাৰ সভাপতি ছইদুৰ ৰহমানৰ লগতে কৰ্মকতাসকল আৰু অঞ্চলটোৰ বিদ্যালয়সমূহৰ শিক্ষক-শিক্ষয়িত্ৰী সকল উপস্থিত থাকে ৷ ইপিনে শ্ৰমিক দিৱসৰ দিনা জিলাখনৰ ৰহাত বিভিন্ন ক্ষেত্ৰত নিয়োজিত শ্ৰমিকক উষ্ম সম্বৰ্ধনা জনোৱা হয়। প্ৰতিষ্ঠিত যুৱ ব্যৱসায়ী উৎপল বনিয়াই ৰহাত শ্ৰমিকক সম্বৰ্ধনা জনায়। যুৱ ব্যৱসায়ী উৎপল বনিয়াই পৰিৱেশ নিকাকৰণকে ধৰি দিনে-নিশাই বিভিন্ন ক্ষেত্ৰত নিয়োজিত হৈ থকা শ্ৰমিকসকলক গামোচা,ছাটি,চেলেং,গেঞ্জি আদিৰে সম্বৰ্ধনা জনায়। যুৱ ব্যৱসায়ীগৰাকীৰ এনে কাৰ্যক স্থানীয় বাসিন্দাই প্ৰশংসা কৰিছে । ঋতু পৰ্ণ শৰ্মা,নগাঁও

You May Also Like

More From Author