সপ্তম ৰাষ্ট্ৰীয় মিক্সড মাৰ্চিয়েল আৰ্টছ চেম্পিয়নশ্বিপত অসমৰ সাফল্য !

1 min read

৭ টা সোণসহ মুঠ পদক ১৭ টা

 

ছত্তীশগড়ৰ ৰায়পুৰত অনুষ্ঠিত সপ্তম এম এম এ অৰ্থাৎ মিক্সড মাৰ্চিয়েল আৰ্টছ ইণ্ডিয়া নেচনেল চেম্পিয়নশ্বিপ ২০২৪ত টিম অসমে মুঠ ১৭ টা পদক অৰ্জন কৰিছে । এই পদকৰ ভিতৰত আছে ৭ টা সোণ, ৫ টা ৰূপ আৰু ৪ টা ব্ৰঞ্জৰ পদক । পোৱা ৮-১২ মে’ত অনুষ্ঠিত এই চেম্পিয়নশ্বিপত দেশৰ ২৬ খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৬০০ৰো অধিক খেলুৱৈয়ে অংশগ্ৰহণ কৰে । ইউনাইটেড আছাম মিক্সড মাৰ্শ্বেল আৰ্টছ এছ’চিয়েচনৰ সভাপতি, ড. নয়ন জ্যোতি দাসে অসম দলৰ সকলো পদক বিজয়ী আৰু অংশগ্ৰহণকাৰীলৈ উষ্ম শুভেচ্ছা জ্ঞাপন কৰিছে । অসম দলৰ নেতৃত্বত আছিল ইউনাইটেড আছাম মিক্সড মাৰ্শ্বেল আৰ্টছ এছ’চিয়েচনৰ আন্তঃৰাষ্ট্ৰীয় এম এম এ ৰেফাৰী তথা সাধাৰণ সম্পাদক আকাশ মেথিউ ।
ইভেণ্টৰ শীৰ্ষ খেলুৱৈসকলক ভাৰতত সমাগত এছিয়ান এণ্ড ৱৰ্ল্ড চেম্পিয়নশ্বিপ ২০২৪ত প্ৰতিনিধিত্ব কৰিবলৈ নিৰ্বাচন কৰা হৈছে ।

২০২৪ চনৰ সপ্তম এম এম এ ইণ্ডিয়া ৰাষ্ট্ৰীয় চেম্পিয়নশ্বিপৰ পদক বিজয়ী

সোণ

১) টুন টুন চেতিয়া
ছেমি কন্টেক্ট -৮৩.৯ কেজি

২) প্ৰজ্ঞা পি খনিকৰ
যুৱ এ-৫২ কেজি

৩) নিৰঞ্জন দাস
যুৱ বি -৫২.২ কেজি

৪) শ্বামচাক মোছাং
ছেমি কন্টেক্ট – ৫২ কেজি

৫) ভাগ্যলক্ষী দাস
য়ুথ চি -৪০ কেজি

৬) বিপ্লব নিপুন
য়ুথ চি -৩১ কেজি

৭) দীপ চৰকাৰ
য়ুথ চি -৩৭ কেজি

ৰূপ

১) আৰ্ছাদ আলী
ছিনিয়ৰ বেন্টাম ৱেইট

২) পূজা কোচ
য়ুথ এ -৫২ কেজি

৩) ইহছান আহমেদ
য়ুথ চি – ৪৮ কেজি

৪) তাজমীন খান
ছেমি কন্টেক্ট -৫২ কেজি

৫) আশীষ দেৱ
ছেমি কন্টেক্ট-৭০.৩ কেজি

ব্ৰঞ্জৰ পদক

১) প্ৰণৱ জ্যোতি বৰা
জুনিয়ৰ -৭০.৩ কেজি

২) মানস বড়ো
ছেমি কন্টেক্ট-৫৬.৭ কেজি

৩) ৰেহান্ত বৰপাত্ৰ গোহাঁই
য়ুথ বি -৬৭ কেজি

৪) সুজিতা মিঞ্জ
ছেমি কন্টেক্ট-৪৭.৭ কেজি

You May Also Like

More From Author