পুৱাই চেনি দিয়া গাখীৰ চাহ খায় নেকি? শৰীৰত কি হয় জানেনে?

1 min read

গাখীৰৰ দৰে সুষম পানীয় খুব কমেই আছে। কেলচিয়ামৰ উপৰি গাখীৰত আছে ফচফৰাছ, আইৰন, জিংক, কপাৰ, মেংগানিজৰ দৰে উপকাৰী উপাদান। গাখীৰে শৰীৰ সুস্থ ৰখাৰ লগতে শৰীৰৰ ভিতৰৰ পৰা শক্তি যোগায় আৰু ক্লান্তি দূৰ কৰে।

দাঁত আৰু হাড় ভালে ৰখাত সহায় কৰে গাখীৰে। গাখীৰত আছে প্ৰচূৰ পৰিমাণে পটাচিয়াম, যিয়ে ৰক্তচাপ নিয়ন্ত্ৰণ কৰাত সহায় কৰে। বহুতেই নিয়মিত গাখীৰ খায়। পুৱা হওক বা নিশা টোপনি মৰাৰ পূৰ্বে, এগিলাছ গাখীৰ খোৱাৰ অভ্যাস বহুতৰে আছে।

গাখীৰ স্বাস্থ্যকৰ, তাত কোনো সন্দেহ নাই। আৰু গাখীৰ চাহ হ’লতো কোনো কথাই নাই। কিন্তু গাখীৰত চাহ আৰু চেনি একেলগে মিহলাই খালে শৰীৰত দেখা দিব পাৰে নানা সমস্যা।

১. কলেষ্টেৰল বঢ়ায় : শৰীৰ সুস্থ ৰাখিবলৈ চেনি খাবলৈ মানা কৰে চিকিৎসকে। গাখীৰত চাহপাত আৰু চেনি মিহলাই চাহ খালে কলেষ্টেৰল বাঢ়ি যোৱাৰ আশংকা থাকে। কলেষ্টেৰলে হৃদৰোগৰ সম্ভাৱনা বৃদ্ধি কৰে। দীৰ্ঘদিন সুস্থ হৈ থাকিবলৈ চেনি দিয়া গাখীৰ চাহ নোখোৱাই ভাল।

২. ডায়েবেটিছ : চেনিয়ে তেজত শৰ্কৰাৰ মাত্ৰা বৃদ্ধি কৰে। গাখীৰ চাহৰ সৈতে চেনি মিহলাই খালে ডায়েবেটিছ হোৱাৰ আশংকা থাকে। ইতিমধ্যে যিসকলে ডায়েবেটিছত ভুগিছে, তেওঁলোকৰ বাবে গাখীৰ চাহত চেনি খোৱা বিপজ্জনক হৈ উঠিব পাৰে।

৩. ওজন বঢ়ায় : স্থুলতাৰ সমস্যাত ভুগিলে চেনিৰ সৈতে গাখীৰ চাহ খোৱাৰ অভ্যাসে ওজন আৰু বঢ়াব পাৰে। যিসকল ৰোগাক্ৰান্ত তেওঁলোকে গাখীৰ চাহত চেনি মিহলাই খালে দ্ৰুতগতিত ওজন বঢ়াৰ আশংকা থাকে। (Disclaimer : এই প্ৰতিবেদন কেৱল সাধাৰণ তথ্যৰ বাবে। সেয়ে বিস্তাৰিতভাৱে জানিবলৈ সদায় বিশেষজ্ঞৰ পৰামৰ্শ লওক।)

You May Also Like

More From Author