ৰাণীত বায়খো উৎসৱৰ প্ৰস্তুতি সম্পূৰ্ণ…

1 min read

পলাশবাৰী, ৮ জুন: মহানগৰীৰ সমীপৱৰ্তী ৰাণীৰ আন্ধেৰীজুলি প্ৰাথমিক বিদ্যালয় প্ৰাসঙ্গনত এদিনীয়া কাৰ্যসূচীৰে অহা ৯ জুন তাৰিখে অনুষ্ঠিত হৱ বায়খো উৎসৱ । ৰাণী আঞ্চলিক ৰাভা ছাত্ৰ সন্থা , ৰাভা মহিলা পৰিষদ আৰু ষষ্ঠ অনুসূচী দাবী সমিতিৰ উদ্যোগত হৱ এই উৎসৱটি । । প্রকৃতিৰ অপূর্ব সৃষ্টিত বছৰৰ আৰম্ভণিতে প্রকৃতিয়ে ন- ৰূপ পায় আৰু প্রকৃতি প্রেমী চহা ৰাভাসকলে জাতীয় উৎসব “বায়খো উৎসব” উদ্যাপনৰ জৰিয়তে আয়া বায়খো দেৱীক পূজা-অর্চনা কৰে। আয়া বায়খো দেৱীক সন্তুষ্ট কৰি আগন্তুক কৃষি কাৰ্য সফল কৰা আৰু মনৰ বাঞ্চা পূৰণ কৰাৰ কামনাৰে প্ৰতি বছৰে উদযাপন কৰি আহিছে এই বায়খো উৎসৱ । উক্ত দিনা ৰাতিপুৱা ৯ বজাত পতাকা উত্তোলনেৰে কাৰ্যসূচীৰ শুভাৰম্ভণি কৰি উৎসৱ ৰ লগত সংগতি ৰাখি বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হৈছে । নিশা ৰ ভাগৰ সাংস্কৃতিক কাৰ্যসূচীত ৰাভা পৰাম্পৰাগত সাজত ফেশ্বন শ্ব’ প্ৰতিযোগিতাৰ লগতে অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী ক্ৰমে ৰিচা ভৰদ্বাজ , মাৰ্ক এলভিন , অংকুৰ তনয় , হিমাশ্ৰী ৰাভা আৰু চিন্ময় দিয়ান ৰ সংগীতানুষ্ঠানেৰে অন্ত পৰিব উৎসৱৰ কাৰ্যসূচী ।উল্লেখ্য যে সাংস্কৃতিক সন্ধিয়াৰ মঞ্চ মুকলি কৰিব অভিনেত্ৰী তথা প্ৰাক্তন বিধায়িকা আঙুৰলতা ডেকাই আনহাতে ৰাভা হাছং ৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভাই মুখ্য অতিথি হিচাপে উপস্থিত থকাৰ লগতে পশ্চিম গুৱাহাটীৰ বিধায়ক ৰমেন্দ্ৰ কলিতা , পলাশবাৰী বিধায়ক হেমাংগ ঠাকুৰীয়া , নিখিল ৰাভা ছাত্ৰ সন্থাৰ সম্পাদক ড° সুভাষ ৰাভা ই বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব বুলি উদোগক্তাসকলে জানিবলৈ দিয়ে ।


অভিজিত কলিতা, পলাশবাৰী

You May Also Like

More From Author