অসমবাসীৰ আশীৰ্বাদ শিৰত লৈ দেশমাতৃৰ প্ৰতি সমৰ্পিত সেৱা আগবঢ়াই যাবলৈ মই দৃঢ় সংকল্পবদ্ধ: সৰ্বানন্দ সোণোৱাল

1 min read

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ঐতিহাসিক তৃতীয় কাৰ্যকালৰ বাবে আজি শপতগ্ৰহণ কৰে। মোদী মন্ত্ৰীসভাত কেবিনেট মন্ত্ৰী হিচাপে পুনৰ স্থান লাভ কৰা সৰ্বানন্দ সোণোৱালেও আজি ঈশ্বৰৰ নামত শপত লৈ দেশমাতৃৰ প্ৰতি সমৰ্পিত সেৱা আগবঢ়াই যোৱাৰ সংকল্প লয়। সৰ্বানন্দ সোণোৱালক শপতবাক্য পাঠ কৰোৱায় দেশৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মূৱে।

সোণোৱালে সংবাদ মাধ্যমৰ আগত উল্লেখ কৰে, “শ্ৰদ্ধাৰ অসমবাসী তথা ডিব্ৰুগড় লোকসভা সমষ্টিৰ ৰাইজৰ মৰম-আশীৰ্বাদ আৰু স্বৰ্গীয় আই-পিতাইৰ স্নেহাশিস শিৰত লৈ আজি সন্ধিয়া ৰাষ্ট্ৰপতি ভৱনত মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ ঐতিহাসিক তৃতীয় কাৰ্যকালৰ কেন্দ্ৰীয় মন্ত্ৰীসভাত কেবিনেট মন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰি আনন্দিত হৈছোঁ। দেশমাতৃৰ পুনৰ সেৱা কৰাৰ অনন্য সুযোগ প্ৰদান কৰি মোক কৃতাৰ্থ কৰাৰ বাবে মাননীয় মোদী ডাঙৰীয়াক আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। জনতা জনাৰ্দনে দিয়া প্ৰেৰণাক সাৰোগত কৰি মোদীৰ বলিষ্ঠ নেতৃত্বত এখন আত্মনিৰ্ভৰ, বিকশিত আৰু সমৃদ্ধিশালী ভাৰত গঢ়াৰ দিশত সমৰ্পিত সেৱা আগবঢ়াই যাবলৈ সংকল্পবদ্ধ হ’লোঁ।”

You May Also Like

More From Author