এজাক বৰষুণতেই কৃত্ৰিম বানত বুৰ যায় ধাৰাপুৰ

1 min read

গুৱাহাটী,১৫ জুন:এজাক বৰষুণ আহিলেই কৃত্ৰিম বানত বুৰ যায় মহানগৰীৰ বিভিন্ন প্ৰান্তৰ ৰাজপথ হওক ৰাজ্যিক পথ সমূহ । তাৰ সমন্তৰালভাৱে মহানগৰীৰ ধাৰাপুৰতও এজাক বৰষুণ আহিলেই কৃত্ৰিম বানত বুৰ যায় ধাৰাপুৰৰ বিভিন্ন ৰাজ পথ তথা পানীত ডুব যায় বহু পৰিয়ালৰ চোতাল , ঘৰসমূহ । ধাৰাপুৰৰ ধোপৰতল , কোচপাৰা , নতুন বস্তি, ধাৰাপুৰ চাৰিআলি বজাৰ আদি সমূহ কৃত্ৰিম বানৰ কৱলত । যাৰফলত ধাৰাপুৰৰ ৰাজপথ সমূহত ছাত্ৰ ছাত্ৰীকে ধৰি স্থানীয় লোক সমূহৰ চলাচলত অসুবিধাৰ সৃষ্টি হয় । স্থানীয় ৰাইজ , ধাৰাপুৰ উন্নয়ন কমিটিয়ে চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষক বছৰ বছৰ ধৰি এই কৃত্ৰিম বান ৰোধ কৰাৰ বাবে দাবী জনাইছে যদিও কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাত ক্ষোভ প্ৰকাশ কৰে । বর্তমান পশ্চিম গুৱাহাটী সমষ্টিৰ বৃহত্তৰ ধাৰাপুৰ অঞ্চলৰ লগতে আজাৰা, খানামুখ, গঁড়ল , ভট্টাপাৰা , কেন্দুকুছি , মাজিৰগাওঁ অঞ্চল বৰ্তমান মুখ্যমন্ত্ৰীৰ সমষ্টি জালুকবাৰীত অন্তৰ্ভুক্ত কৰা হৈছে যদিও এই সমূহ অঞ্চলত নাই নলা নৰ্দমাৰ সু-ব্যৱস্থা । ধাৰাপুৰৰ স্থানীয় লোক তথা ধাৰাপুৰ উন্নয়ন কমিটিয়ে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক ধাৰাপুৰ ধোপৰতল, কোচপাৰা, নতুনবস্তি আদি অঞ্চলত নলা নৰ্দমাৰ সু-ব্যৱস্থা কৰিবলৈ আহ্বান জনায় । ধাৰাপুৰৰ কিছু কিছু ৰাজপথত প্ৰায় ৬ মাহলৈ কৃত্ৰিম বানৰ কৱলত থাকে ।

অভিজিত কলিতা, গুৱাহাটী

You May Also Like

More From Author