দৈনিক 2 মিনিট ধ্যান কৰাৰ অপাৰ শক্তি ; বিজ্ঞানে কি কয় ?
নিজৰ শাৰীৰিক আৰু মানসিক সতেজতা সদায় অটুট ৰাখিবলৈ প্ৰত্যেক দিন সকলো মানুহে দুই মিনিট হলেও ধ্যান কৰা উচিত। ধ্যান অৰ্থাৎ meditation ৰ মাজত কি অপাৰ শক্তি লুকাই আছে তাক কৈ শেষ কৰিব নোৱাৰি ; বিজ্ঞানৰ পৰা আদি কৰি সমূহ শাস্ত্ৰ গ্ৰন্থলৈ এই ধ্যানৰ লাভালাভ আৰু উপকাৰৰ বিষয়ে স্বীকাৰ কৰিছে। আনকি সকলো ধৰ্ম হিন্দু কি ইছলাম কি খ্ৰীষ্টান, সকলো ধৰ্মতে এই ধ্যানৰ গুৰুত্বক স্বীকাৰ কৰা হৈছে। আৰু যদি প্ৰত্যেক দিন 24 ঘণ্টাৰ ভিতৰত মাত্ৰ দুই মিনিট সময় উলিয়াই এবাৰ ধ্যান কৰা হয় আৰু একেৰাহে 21 দিন কৰাৰ পিছত ইয়াৰ ফলাফল নিজেই পোৱা যায়।
সকলো মানুহ দৈনিক নিজৰ কৰ্মজীৱন ৰ প্ৰতি ইমানেই ব্যস্ত হৈ থাকে যে নিজৰ শৰীৰৰ প্ৰতি গুৰুত্ব দিবলৈ আহৰি নাথাকে বা নাজানে বা অৱহেলা কৰে, যাৰ ফলত মানুহৰ শৰীৰ আৰু মন ৰোগগ্ৰস্ত হৈ পৰে ; আৰু তেতিয়াহে অধিকাংশ মানুহে চিকিৎসকৰ ওচৰলৈ যায় আৰু ঔষধ সেৱন কৰে। কিন্তু অথচ মানুহে পাহৰি যায় যে ৰোগীয়া হৈ ঔষধ খোৱাতকৈ আটাইতকৈ বেছি ভাল উপায় হৈছে নিজৰ শৰীৰ আৰু মনক ৰোগৰ পৰা দূৰৈত ৰখা অৰ্থাৎ ৰোগ নোহোৱাকৈ ৰখাটো ; তাকে কোৱা হয় Prevention is better than cure , আৰু সমস্ত ঔষধতকৈ বেছি ভাল চিকিৎসা হৈছে ধ্যান বা meditation । নিজৰ দেহ আৰু শৰীৰক নিৰোগী কৰি ৰাখিবলৈ প্ৰয়োজন অতি কমেও দৈনিক দুই মিনিট সময় ধ্যান কৰাৰ।
ধ্যানে মানুহৰ মনক শান্ত কৰি এনে এক স্তৰলৈ লৈ যায় যি স্তৰত মানুহে নিজকে নতুন ভাৱে আৱিষ্কাৰ কৰিবলৈ সক্ষম হয় । ভাৰতীয় শাস্ত্ৰ সমূহত বাৰে বাৰে ধ্যানৰ কথা উল্লেখ আছে, লগতে উল্লেখ আছে যে ধ্যান প্ৰত্যেক জন মানুহে কৰা প্ৰয়োজন। আজিৰ বিজ্ঞানে প্ৰমাণ কৰিছে যে ধ্যান কৰিলে মগজুৰ পৰা ক্ষৰণ হোৱা কৰটিছ’ল ( cortisol ) হৰম’ন ৰ ক্ষৰণৰ মাত্ৰা ভাৰসাম্য হৈ থাকে। লগতে বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাই প্ৰমাণ কৰিছে যে মানুহৰ মনত যি ক্ৰমাগত চাপ প্ৰস্তুত হয় সেই চাপ কমাবলৈ একমাত্ৰ সফল উপায় হৈছে ধ্যান। লগতে সকলোৱে জানে যে মানুহৰ শৰীৰত প্ৰায় অধিকাংশ ৰোগ হয় এই মানসিক চাপ সমূহৰ বাবে হয় যেনে , মেদবহুলতা ( obesity) , মধুমেহ ( Diabetes mellitus) , উচ্চ ৰক্তচাপ ( Hypertension) , বিষন্নতা ( anxiety ) আদি সকলো ৰোগ সৃষ্টিৰ কাৰক হৈছে মানুহৰ মানসিক চাপ।
এই ধ্যানে যেনেকৈ মানুহক মানসিক চাপ কমাবলৈ সহায় কৰে ঠিক একেদৰে এই কৰ্মই মানুহৰ মন আৰু চিন্তাশক্তিক গভীৰতালৈ লৈ যাবলৈ সহায় কৰে, মানুহৰ আবেগ প্ৰৱণতা আৰু ক্ৰোধ আদিক নিয়ন্ত্ৰণ কৰি ৰাখে । বৈজ্ঞানিক ভাৱে প্ৰমাণিত যে যিজনে নিয়মীয়া ধ্যান কৰে তেওঁৰ স্মৃতি শক্তি প্ৰখৰ হৈ পৰে, মগজুক শান্ত হৈ থাকিবলৈ সহায় কৰে, মগজুৰ ৰাসায়নিক গঠনত গুৰুত্বপূৰ্ণ সুপৰিৱৰ্তন আনে।
বৰ্তমান যুগত মানুহৰ অসহিষ্ণুতা বৃদ্ধি হৈছে যাৰ উদাহৰণ নিজৰ গৃহৰ পৰা আৰম্ভ কৰি বাটে পথেও দেখিবলৈ পোৱা যায় ; আৰু এই অসহিষ্ণু মানুহে ইফালে যেনেকৈ নিজক নিয়ন্ত্ৰণ কৰিব নোৱাৰে ঠিক একেদৰে সমাজতো বিৰূপ প্ৰতিক্ৰিয়া কৰি থাকে। এই ধ্যানৰ দ্বাৰা অসহিষ্ণুতা নিয়ন্ত্ৰণ কৰা সম্ভৱ, ধ্যানৰ দ্বাৰা যেনেকৈ উদাৰতা বৃদ্ধি হয় , ক্ষমাদানৰ মনোভাৱ আৰু সহনশীলতা বৃদ্ধি হয়, জীৱনৰ সমস্ত নেতিবাচকতা দূৰ কৰি ভাল মনৰ মানুহ হ’বলৈ সহায় কৰে ধ্যানে। ৰাগীয়াল দ্ৰব্যৰ প্ৰতি থকা আসক্তি দূৰ কৰিবলৈ ধ্যান কৰি সফল হ’ব পাৰি।
গৱেষণাত প্ৰকাশ যে যি লোকে নিয়মীয়া ধ্যান কৰে তেওঁলোকৰ জীৱনত স্বচ্ছতা আহে, কৰ্ম – শিক্ষা – দায়িত্ব আদি সকলোতে মনোযোগ বৃদ্ধি হয়, দেহৰ ছালৰ উজ্জ্বলতা বৃদ্ধি হয়, ৰক্তচাপ নিয়ন্ত্ৰণ হয়, অনিদ্ৰা দূৰ হয়, মন আৰু মস্তিষ্কৰ বিকাশ ঘটে ।
ধ্যান কেনেকৈ কৰিব ? প্ৰথমে এক শান্ত পৰিবেশ নিৰ্বাচন কৰি লোৱা দৰকাৰী। ধ্যান সকলো সময়তে কৰিব পাৰি যদিও আদৰ্শ সময় হৈছে ৰাতিপুৱা আৰু আবেলিৰ সময়। লগতে আৰু এক সময় আছে যি সময়ত মানুহে ঈশ্বৰৰ আৰাধনা কৰে সেই সময়তো ধ্যান কৰিব পাৰি। এক কোলাহল বিহীন ঠাইত নিজৰ মেৰুদণ্ড পোনাই পদ্মাসন বা সিদ্ধাসন নাইবা বজ্ৰাসনত বহি (তলৰ চিত্ৰত দিয়া ধৰণে ) অতি কমেও তিনিবাৰ ঔম মন্ত্ৰ পাঠ কৰিব কিন্তু মনত ৰাখিব যে এই মন্ত্ৰ উচ্চাৰণ কৰোতে যাতে সেই শব্দ নিজৰ নাভিৰ পৰা জাগ্ৰত হৈ মুখত উচ্চাৰিত হৈ ওলাই যায় তাৰ পিছত নিজৰ শ্বাস প্ৰস্বাসৰ ওপৰত মনোনিবেশ কৰক । লগতে ধ্যান কৰি থকা সময়ত যাতে নিজৰ চকুৰ দৃষ্টি নিজৰ নাকৰ অগ্ৰভাগত সীমাবদ্ধ থাকে । ধ্যানৰ সময়ত মনত যদিও কিবা বেলেগ চিন্তা আহে তেতিয়াও সেইবোৰত মনোনিবেশ নকৰি নিজৰ শ্বাস প্ৰস্বাসত মনোযোগিতা ৰখা প্ৰয়োজন। প্ৰথমে যিসকলে আৰম্ভ কৰে ধ্যান কৰিবলৈ তেওঁ দুই মিনিট কৰক আৰু সময় লাহে লাহে বঢ়াই যাওঁক দেখিব সম্পূৰ্ণ 21 দিন পিছতে তেওঁ নিজৰ মন আৰু শৰীৰত নিশ্চিত সুপৰিৱৰ্তন পাব।