বুধবাৰে দিল্লীত অনুষ্ঠিত গুৰুত্বপূৰ্ণ বৈঠকত নৰেন্দ্ৰ মোদীক এন ডি এৰ নেতা হিচাপে নিৰ্বাচন কৰাৰ পিছত একেৰাহে তৃতীয়বাৰলৈ প্ৰধানমন্ত্ৰী হিচাপে শপত ল’বলৈ সাজু হৈছে মোদী। শনিবাৰেই মোদীয়ে প্ৰধানমন্ত্ৰী হিচাপে শপত লোৱাৰ সম্ভাৱনা আছে।
জানিব পৰা মতে, মোদীৰ শপত গ্ৰহণ অনুষ্ঠানত বাংলাদেশ, শ্ৰীলংকা, ভূটান, নেপালকে ধৰি কেইবাখনো চুবুৰীয়া ৰাষ্ট্ৰৰ নেতাসকল উপস্থিত থাকিব। শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি ৰানিল বিক্ৰমসিংঘেৰ কাৰ্যালয়ৰ মিডিয়া বিভাগে এই শপতগ্ৰহণ অনুষ্ঠানত অংশগ্ৰহণৰ আমন্ত্ৰণ গ্ৰহণ কৰা বুলি প্ৰকাশ কৰাৰ লগতে নিৰ্বাচনী বিজয়ৰ বাবে মোদীক অভিনন্দন জনায়।
কূটনৈতিক সূত্ৰৰ উদ্ধৃতি দি সংবাদ প্ৰতিষ্ঠান পিটিআয়ে প্ৰকাশ কৰা অনুসৰি, প্ৰধানমন্ত্ৰী মোদীয়ে বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাকো টেলিফোন কৰিছে আৰু তেওঁৰ নিমন্ত্ৰণ গ্ৰহণ কৰিছে।
বৃহস্পতিবাৰে নেপালৰ প্ৰধানমন্ত্ৰী পুষ্পা কমল দাহাল ‘প্ৰচণ্ড’, ভূটানৰ প্ৰধানমন্ত্ৰী চেৰিং টবগে আৰু মৰিচাছৰ প্ৰধানমন্ত্ৰী প্ৰবীন্দ জুগনাউথলৈ আনুষ্ঠানিক নিমন্ত্ৰণী পত্ৰ প্ৰেৰণ কৰা হ’ব বুলি প্ৰতিবেদনত প্ৰকাশ পাইছে।
উল্লেখযোগ্য যে ২৪০খন আসন লাভ কৰা বিজেপিয়ে সংখ্যাগৰিষ্ঠতা লাভ নকৰিলেও মেজিক নাম্বাৰ অতিক্ৰম কৰে এন ডি এই। লোকসভাৰ ৫৪৩খন আসনৰ ভিতৰত ২৯৩খন আসন লাভ কৰে এনডিএই।
তেলেগু দেশম পাৰ্টীৰ চন্দ্ৰবাবু নাইডু আৰু জনতা দল ইউনাইটেডৰ মুৰব্বী নীতিশ কুমাৰকে ধৰি এনডিএৰ অংশীদাৰ দলে বুধবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বাসগৃহত বৈঠকত মিলিত হৈ সৰ্বসন্মতিক্ৰমে মোদীক মিত্ৰজোঁটৰ নেতা হিচাপে নিৰ্বাচন কৰে।