হিমন্ত বিশ্ব শৰ্মা কেবিনেটৰ দপ্তৰ সালসলনি, কেশৱ মহন্তৰ পৰা স্বাস্থ্য বিভাগ নিজৰ হাতলৈ আনিলে মুখ্যমন্ত্ৰীয়ে

1 min read

হিমন্ত বিশ্ব শৰ্মা কেবিনেটৰ দপ্তৰ সালসলনি। মন্ত্ৰী কেশৱ মহন্তৰ পৰা কৰ্তন কৰা হৈছে স্বাস্থ্য বিভাগ। স্বাস্থ্য বিভাগ নিজৰ হাতলৈ আনিলে মুখ্যমন্ত্ৰীয়ে। মন্ত্ৰী কেশৱ মহন্তক পৰিবহণ বিভাগৰ দায়িত্ব অৰ্পণ কৰা হৈছে। লগতে মীন, আবকাৰী, বিজ্ঞান, প্ৰযুক্তি আৰু জলবায়ু পৰিৱৰ্তনৰ দায়িত্ব দিয়া হৈছে মহন্তক।

মীন, আবকাৰী বিভাগৰ দায়িত্ব আছিল পৰিমল শুক্লবৈদ্যৰ হাতত। পৰিবহণ বিভাগৰো দায়িত্বত আছিল শুক্লবৈদ্য।

মুখ্যমন্ত্ৰীৰ হাতত চিকিৎসা শিক্ষা-গৱেষণাৰ দায়িত্ব থাকিব। মুখ্যমন্ত্ৰীৰ হাতত থকা বিভাগসমূহ হ’ল – গৃহ বিভাগ, পাৰ্ছনেল বিভাগ, গড়কাপ্টানী বিভাগ, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগ, চিকিৎসা শিক্ষা আৰু গৱেষণা বিভাগ, সাংস্কৃতিক বিভাগৰ লগতে বিতৰণ নকৰা আন দপ্তৰসমূহ।

You May Also Like

More From Author