মাত্ৰ ৫ বছৰ বয়সতে উত্তৰ প্ৰদেশৰ এটি শিশুয়ে গিলি পেলাইছিল এটা মুদ্ৰা। অৱশেষত চিকিৎসকসকলে জটিল অস্ত্ৰোপচাৰৰ জৰিয়তে মুদ্ৰাটো আঁতৰাবলৈ সফল হয়। প্ৰায় ৭ বছৰ ধৰি শিশুটিৰ ডিঙিত আবদ্ধ হৈ থকা এটা মুদ্ৰা চিকিৎসকে অস্ত্ৰোপচাৰ কৰি উলিয়াই আনে।
উত্তৰ প্ৰদেশত সংঘটিত হৈছে এই ঘটনা। প্ৰাপ্ত তথ্য অনুসৰি, বাঘাউলীৰ মুৰালীপুৰা গাঁৱৰ বাসিন্দা অংকুলে যোৱা এপ্ৰিল মাহৰ পৰা পেটত বিষ অনুভৱ কৰিবলৈ আৰম্ভ কৰিছিল। ইয়াৰ পিছতে তেওঁক এখন ব্যক্তিগত চিকিৎসালয়লৈ লৈ যোৱা হয়। চিকিৎসকে দিয়া কিছু ঔষধ সেৱন কৰি তেওঁ সুস্থ হৈ উঠে। কিন্তু তাৰ কিছুদিন যোৱাৰ পিছতেই হঠাৎ অংকুলৰ ডিঙিত বিষ আৰম্ভ হোৱাত ততাতৈয়াকৈ হাস্পতাললৈ লৈ যোৱা হয়।
চিকিৎসালয়ত এক্স-ৰে কৰাৰ পিছতে শিশুটিৰ খাদ্যনলীৰ এটা ফাল বন্ধ হৈ থকা পৰিলক্ষিত হ’ল। মুদ্ৰাটো অংকুলৰ খাদ্যনলীত এনেদৰে আবদ্ধ হৈ আছিল যে তাক বেছি আমনি কৰা নাছিল যদিও মাজে মাজে বিষ হৈছিল। অৱশেষত চিকিৎসক বিবেক সিং আৰু তেওঁৰ সহযোগী চিকিৎসক সকলে টেলিস্কোপিক অস্ত্ৰোপচাৰৰ দ্বাৰা মুদ্ৰাটো আঁতৰাই পেলাবলৈ সক্ষম হয়।
অস্ত্ৰোপচাৰৰ অন্তত ১২ বছৰীয়া ল’ৰাটোৱে কয় যে, মাত্ৰ ৫ বছৰ বয়সতে তেওঁ এই মুদ্ৰাটো গিলি পেলায়। চিকিৎসক বিবেক সিঙে কয়, “এই মুদ্ৰাটো ৭ বছৰ ধৰি শিশুটিৰ ডিঙিত আবদ্ধ হৈ আছিল বুলি ভাবি আচৰিত লাগে। তাৰ শৰীৰত সংক্ৰমণৰ সম্ভাৱনা আছিল। কিন্তু এতিয়াও এইটো আশংকা আছে যে মুদ্ৰাটো আঁতৰাই দিলেও ইয়াৰ ফলত তাৰ শৰীৰত সংক্ৰমণৰ সম্ভাৱনা আছে।’’