শৰীৰ চৰ্চা কৰি ভাল পোৱা শিলচৰৰ যুৱতী স্নেহা বলি হ’ল নিষ্ঠুৰ প্ৰেমিকৰ জিঘাংসাৰ!

0 min read

ৰাজধানী দিল্লীত পুনৰ চাঞ্চল্যকৰ ঘটনা। দিল্লীত হত্যাৰ বলি হ’ল এগৰাকী অসমৰ যুৱতীৰ। দিল্লীৰ দ্বাৰাকাস্থিত বাসগৃহত হত্যাৰ বলি হ’ল অসমৰ শিলচৰৰ যুৱতীৰ। জানিব পৰা মতে দিল্লীৰ এটা ফ্লেটত নৃশংসভাৱে হত্যা কৰা হৈছে শিলচৰৰ স্নেহা নাথ নামৰ যুৱতীগৰাকীক। খবৰ অনুসৰি যুৱতীগৰাকীৰ নিজ প্ৰেমিকৰ ছুৰীৰ আক্ৰমণত মৃত্যুক আঁকোৱালি লয়। মৃত যুৱতীগৰাকী শিলচৰৰ ২১ বছৰীয়া স্নেহা নাথ চৌধুৰী৷ উল্লেখ্য যে হত্যাৰ অভিযুক্ত প্ৰেমিক কাছাৰৰ চান্নিঘাটৰ বাসিন্দা ৰাজ কৰ্মকাৰ বুলি জানিব পৰা গৈছে।

উল্লেখ্য যে স্নেহা নাথ চৌধুৰী শিলচৰ অম্বিকাপট্টিৰ এখন জিম চেণ্টাৰৰ জিম ট্ৰেনাৰ হিচাপেও আছিলে। আনহাতে দিল্লী আৰক্ষীয়ে দিয়া তথ্য অনুসৰি স্নেহা নাথ চৌধুৰী আৰু ৰাজ কৰ্মকাৰৰ মাজত হয়তো প্ৰেমৰ সম্পৰ্ক আছিলে। দীৰ্ঘদিনৰ পৰা স্নেহা নাথ আৰু ৰাজ কৰ্মকাৰৰ মাজত চলি আহিছিল বিবাদ। কিন্তু শনিবাৰে দিল্লীৰ দ্বাৰাকাৰ ছেক্টৰ ২৩ৰ পোঞ্চনপুৰত থকা স্নেহাৰ নাথ চৌধুৰীৰ ফ্লেটত হঠাৎ আহি উপস্থিত হয় প্ৰেমিক ৰাজ কৰ্মকাৰ।

ফ্লেটত আহি উপস্থিত হোৱাৰ পিছতে ৰাজ আৰু স্নেহাৰ মাজত হৈছিল বিবাদ। কিন্তু ঘটনাই পৰৱৰ্তী সময়ত অতি ভয়ংকৰ ৰূপ লয়। ৰাজ কৰ্মকাৰ আৰু স্নেহা নাথৰ মাজত মাৰপিট আৰম্ভ হয়। ইয়াৰ মাজত হঠাৎ ৰাজ কৰ্মকাৰে ছুৰীৰে উপৰ্যুপুৰি আক্ৰমণ চলায় স্নেহা নাথ চৌধুৰীক। প্ৰেমিকৰ ছুৰিকাঘাতত ঘটনাস্থলীত মৃত্যু হয় স্নেহা নামৰ যুৱতী গৰাকীৰ।

ঘটনাৰ খবৰ লাভ কৰিয়েই ঘটনাস্থলীত দিল্লী আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰাৰ লগতে ফ্লেটৰ পৰা আহত অৱস্থাত গ্ৰেপ্তাৰ কৰে হত্যাকাৰী প্ৰেমিক ৰাজ কৰ্মকাৰক। প্ৰাথমিক তদন্তত স্নেহাৰ প্ৰেমিক ৰাজ কৰ্মকাৰে আৰক্ষীক জনায় যে তেওঁৰ লগত সম্পৰ্ক থকাৰ পাছতো প্ৰেমিকা স্নেহা নাথ চৌধুৰীয়ে আন এজন যুৱকৰ লগত সম্পৰ্ক স্থাপন কৰি আহিছিল। আৰু এই কথা সহ্য কৰিব নোৱাৰি ৰাজ কৰ্মকাৰে স্নেহাক হত্যা কৰিছে। ঘটনা সন্দৰ্ভত দিল্লী আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত। দিল্লী আৰক্ষীৰ অধিক তদন্তৰ পিছতে পোহৰলৈ আহিব অধিক তথ্য। আনফালে জানিব পৰা মতে, হত্যাকাৰী প্ৰেমিক ৰাজ কৰ্মকাৰ কাছাৰৰ নিজ ঘৰৰ পৰা ২৫ জুলাইৰ পৰা নিখোজ হৈ আছিলে।

কিন্তু এতিয়া প্ৰশ্ন হৈছে স্নেহা আৰু ৰাজৰ প্ৰেমত তৃতীয়জন লোকৰ প্ৰৱেশৰ বাবে সংঘটিত হ’ল নেকি হত্যাকাণ্ড? ২৫ জুলাইৰ পৰা ৰাজ কৰ্মকাৰ নিখোজ হৈ থকাৰ আঁৰত কি আছে? আৰক্ষীৰ অধিক তদন্তৰ পিছতে আঁতৰিব ৰহস্যঘন ঘটনাৰ আঁৰ কাপোৰ।

You May Also Like

More From Author