নগাঁৱৰ চমুৱাগাঁৱত পথ দুৰ্ঘটনাত এজন নিহত,পাঁচজন আহত

1 min read

নিউজ ব্যুৰ’,নগাঁও,৩০জুন:–নগাঁও জিলাৰ জাজৰি আৰক্ষী থানাৰ অন্তৰ্গত চমুৱাগাঁও তিনিআলিত ৰবিবাৰে বিয়লি দুখন চাৰিচকীয়া বাহনৰ মুখামুখি সংঘৰ্ষত এজন লোক থিতাতে নিহত হোৱাৰ লগতে পাঁচজনকৈ লোক গুৰুতৰ ভাৱে আহত হয় । নিহত লোকজনক মৰিগাঁৱৰ ভূৰাগাঁৱৰ তাপস ৰয় বুলি চিনাক্ত কৰা হৈছে । প্ৰাপ্ত বাতৰি মতে নগাঁও অভিমুখে গৈ থকা এ এচ ০ আৰ চি ৯৮৫৫ নম্বৰৰ আৰ্টিকা বাহন আৰু মৰিগাঁও অভিমুখি এ এচ ০২ ডিচি ৫৭২১ নম্বৰৰ মেজিক ভানৰ মাজত হোৱা মুখামুখি সংঘৰ্ষ হোৱাৰ ফলতেই ঘটনাটো সংঘটিত হয় । ফলত মৰিগাঁও ভূৰাগাঁৱৰ তাপস ৰয় (৫১)ৰ থিতাতে নিহত হোৱাৰ লগতে অমৰজিৎ গগৈ (৩০),নয়নমনি গগৈ (২৬),ৰেকিব হুছেইন (২২),চুলেমা খাতুন (২৪),তপন ৰয় (৫৫) গুৰুতৰভাৱে আহত হয়। ঘটনাৰ কিছু সময়ৰ পিছতে জাজৰি আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃত তাপস ৰয়ৰ মৰণোত্তৰ পৰীক্ষা আৰু আহতসকলৰ চিকিৎসাৰ বাবে নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে। স্থানীয় লোকৰ ভাষ্য অনুসৰি আজি কিছুদিনৰ পৰা এই স্থানত প্ৰায়েই দুৰ্ঘটনা সংঘটিত হৈ আহিছে যদিও স্থানীয় জনসাধাৰণে স্থানত গতিৰোধক দিবৰ বাবে বাৰম্বাৰ বিভাগীয় কৰ্তৃপক্ষক জনোৱাৰ পিছতো কোনো ধৰণৰ কাণষাৰ নিদিয়াৰ ফলতে এনে ধৰনৰ দুৰ্ঘটনা সঘনাই ঘটিব ধৰিছে । ঋতু পৰ্ণ শৰ্মা,নগাঁও

You May Also Like

More From Author