পলাশবাৰী,৬ জুলাই: ৰাজ্যত বানৰ তাণ্ডব অব্যাহত। চাৰিওদিশে বানৰ কবলত পৰি দুখ-যন্ত্ৰণাত ককবকাই আছে সৰ্বসাধাৰণ ৰাইজ। এনে যন্ত্ৰণাৰ মাজতে কামৰূপ জিলাৰ পলাশবাৰী বিধানসভা সমষ্টিৰ নহিৰা- গুইমাৰাৰ লোকসকলৰ ঘৰ- দুৱাৰ বানৰ কবলত পৰিছে । উক্ত লোকসকলক ওচৰতে থকা নহিৰা -গুইমাৰা আঞ্চলিক হাইস্কুলত থকাৰ ব্যৱস্থা কৰি দিয়া হৈছে । এনে সময়ত বানাক্ৰান্তৰ শিশুসকলৰ মানসিক দিশৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যত অগ্ৰণী অনা চৰকাৰী সংগঠন “মেজিক বাছ ইণ্ডিয়া ফাউণ্ডেশ্যনে” দিনে- নিশাই কাম কৰি গৈছে । উল্লেখ্য মেজিক বাছৰ জ্যেষ্ঠ শৈক্ষিক পৰামৰ্শদাতা Sr.Academic educator ) চুমি কলিতা আৰু জীৱন কৌশল পৰামৰ্শদাতা (Life skill educator )
উৎপল দাসে বানাক্ৰান্ত প্ৰায় ৪০ জন শিশুক বানপানীৰ দুখ – দুদৰ্শাৰ মাজতো খেল – ধেমালিৰ মাধ্যমেৰে ব্যস্ত কৰি ৰাখিছে । সমান্তৰালভাৱে শিশুসকলক মেজিক বাছৰ ফালৰ পৰা শিক্ষাদানও কৰি অহা হৈছে ।
মেজিক বাছৰ চুমি কলিতা আৰু উৎপল দাসৰ এনে পদক্ষেপক অঞ্চলটোৰ ৰাইজে ভূয়সী প্ৰশংসা কৰে ।
পলাশবাৰীৰ পৰা অভিজিত কলিতা