চামগুৰিৰ ফটো সাংবাদিক ধনটি হীৰাৰ ৰহস্যজনক মৃত্যুৰ এবছৰ হোৱাৰ পিছতো ন্যায় পোৱা নাই পৰিয়ালৰ লোকে

1 min read

নিউজ ব্যুৰ’,নগাঁও,১৭জুলাই :–নগাঁও জিলাৰ চামগুৰিৰ এটা চেটেলাইট চেনেলৰ ফটো সাংবাদিক ধনটি হীৰাৰ ৰহস্যজনক মৃত্যু এবছৰ পাৰ হ’ল যদিও বৰ্তমানলৈকে পৰিয়ালৰ লোকে কোনো সুদুত্তৰ পোৱা নাই বুলি অভিযোগ উঠিছে । মংগলবাৰে বছৰেকীয়া আদ্যশ্ৰাদ্ধৰ দিনটোত প্ৰয়াত ফটো সাংবাদিকগৰাকীৰ বাসগৃহত বিৰাজ কৰিছে শোকাকুল পৰিবেশ ৷ একমাত্ৰ পুত্ৰক অকালতে হেৰুৱাৰ বেদনা সহিব নোৱাৰি এতিয়া ৰোগাগ্ৰস্ত পিতৃ-মাতৃয়ে ৰহস্যজনক ঘটনাটোৰ সন্দৰ্ভত ন্যায় পোৱাৰ ক্ষণ গণিছে নিসহায়ভাৱে। উল্লেখ্য যে,যোৱা বছৰ ১৬জুলাইৰ দিনটোতে চামগুৰিৰ খাটোৱাল আৰক্ষী থানাৰ অন্তৰ্গত বৰভেটি গাঁৱৰ পথত নিশা দুজন সমনীয়াসহ এক মটৰচাইকেল দুৰ্ঘটনাত পতিত হৈছিল ফটো সাংবাদিক ধনটি হীৰা ৷ দুৰ্ঘটনাত পতিত হোৱা পিছত ধনটি হীৰাৰ মৃতদেহ ঘটনাস্থলীত এক ৰহস্যজনক অৱস্থাত উদ্ধাৰ কৰিছিল পিতৃ-মাতৃ তথা পৰিয়ালৰ লোকে। ঘটনাটোৰ সন্দৰ্ভত খাটোৱাল আৰক্ষী থানাত ধনটি হীৰাৰ পৰিয়ালৰ লোকে এক গোচৰ ৰুজু কৰিছিল ৷ পৰিয়ালৰ লোকৰ এজাহাৰ ভিত্তিত পথ দুৰ্ঘটনাটোৰ সময়ত ধনটি হীৰাৰ লগত থকা দুজন যুৱকক আৰক্ষীয়ে আটক কৰি জেল হাজোতলৈ প্ৰেৰণ কৰিছিল ৷ পৰৱৰ্তী সময়ত উক্ত যুৱক দুজনে জামিনত মুক্তি লাভ কৰিছিল ৷ আনহাতে ফটো সাংবাদিক ধনটি হীৰা দুৰ্ঘটনাত পতিত হোৱা স্থানত সেই সময়ৰ নগাঁও আৰক্ষী অধীক্ষকসহ আৰক্ষী দল আৰু পৰৱৰ্তী সময়ত উচ্চপদস্থ আৰক্ষী বিষয়া উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছিল যদিও বৰ্তমানলৈকে ধনটি হীৰাৰ ৰহস্যজনক মৃত্যুৰ সন্দৰ্ভত পৰিয়ালৰলোকে সুদুত্তৰ পোৱা নাই বুলি অভিযোগ উঠিছে ৷ নগাঁও আৰক্ষী প্ৰশাসনে উদ্দেশ্য প্ৰণোদিতভাৱে যথোপযুক্ত তদন্ত নকৰি অভিযুক্তক ৰক্ষণাবেক্ষণ প্ৰদান কৰি আহিছে বুলি অভিযোগ কৰিছে পৰিয়ালৰ লোকে। যিহেতু ধনটি হীৰাৰ ৰহস্যজনক মৃত্যু স্বাভাৱিক দুৰ্ঘটনাৰ বিপৰীতে এক পৰিকল্পিত হত্যাকাণ্ড বুলিহে দাবী কৰি আহিছে ফটো সাংবাদিক গৰাকীৰ পৰিয়ালে। বৰ্তমান আদালতৰ ওপৰতেই শেষ ভৰসা কৰি ন্যায় পোৱাৰ আশাত অপেক্ষাৰত প্ৰয়াত ফটো সাংবাদিক ধনটি হীৰাৰ দুৰ্ভগীয়া পৰিয়ালটো ৷ মংগলবাৰে এক শোকাকুল পৰিবেশত প্ৰয়াত ফটো সাংবাদিক ধনটি হীৰাৰ বছৰেকীয়া আদ্যশ্ৰাদ্ধ আৰু শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত কৰে পৰিয়ালটোৱে ৷ ঋতু পৰ্ণ শৰ্মা,নগাঁও

You May Also Like

More From Author