ছাগলীয়াত ট্ৰাক ভৰ্তি গৰু জব্দ অসম আৰক্ষীৰ

1 min read

অসম বংগ সীমান্তৰ ছাগলীয়াত চোৰাং গৰু ভৰ্তি বাহন জব্দ কৰিবলৈ সক্ষম হৈছে ছাগলীয়া আৰক্ষী ।।

আৰক্ষীৰ অভিযানত উদ্ধাৰ ৪৬ টাকৈ চোৰাং গৰু। ধুবুৰীত অব্যাহত আছে চোৰাং গৰুৰ সৰবৰাহ। বিহাৰৰ পৰা বৰপেটা অভিমুখে যোৱাৰ সময়ত ছাগলীয়া আৰক্ষীয়ে গোপন তথ্যৰ ভিত্তিত আল্ট্ৰা বাহনত তালাচি চলায়। আৰক্ষীৰ তালাচীত ৪৬ টাকৈ চোৰাং গৰু উদ্ধাৰ কৰাৰ লগতে ৪ জনকৈ সৰবৰাহকাৰীক আটক কৰে।

ধৃত আটকাধীন ৪ জন বৰপেটা ৰোড’ৰ সাহিদুল ইছলাম আৰু আকতাৰ হুছেইন, বৰপেটাৰ ছামাদ আলী আৰু নলবাৰীৰ মোজাম্মিল হুছেইন বুলি জানিব পৰা গৈছে ।।

ছাগলীয়া আৰক্ষীয়ে আটক কৰা AS 28 AC 0508 নম্বৰৰ আল্ট্ৰা ট্ৰাক চোৰাং গৰু ভৰ্তি বাহনখন জব্দ কৰিবলৈ সক্ষম হয় ।

মুন্না আহমেদৰ ৰিপোৰ্ট। ।

You May Also Like

More From Author