কাজিৰঙাত হাহাকাৰ,বাগৰিৰ পৰা হৰিণাৰ মাংসসহ গ্ৰেপ্তাৰ দুজন

1 min read

নিউজ ব্যুৰ’,নগাঁও,৪জুলাই:–ৰাজ্যত বানৰ তাণ্ডৱলীলা ৷ বন্য জীৱ-জন্তুৰ বিপদ-বিপত্তিৰ সীমা নোহোৱা হৈছে ৷ দিকবিদিক হেৰুৱাই আনকি মানুহৰ বাসস্থলীটো বন্য জীৱই আশ্ৰয় লোৱা দেখা গৈছে ৷ এনে দুৰ্যোগৰ সময়ত বন্যপ্ৰাণীক ৰক্ষণা-বেক্ষণ দিয়াৰ বিপৰীতে একাংশই তাৰে সুবিধা গ্ৰহণ কৰিছে ৷ একাংশ পশু তুল্য মানুহে হত্যা কৰিছে বন্য জীৱ-জন্তু ৷ বাগৰিৰ পৰা হৰিণাৰ মাংসসহ দুজনক গ্ৰেপ্তাৰ কৰিছে । কাজিৰঙাত পোহৰলৈ আহিছে এনে এক ঘটনা ৷ জানিব পৰা মতে,হৰিণা হত্যা কৰি “গীতাঞ্জলি” নামৰ AS 02AC 0219 নম্বৰৰ এখন ULTRA বাছেৰে দুজন যুৱকে মাংস নি আছিল ৷ এক বিশেষ সূত্ৰৰ জৰিয়তে এই খবৰ লাভ কৰিছিল কাজিৰঙা বন বিভাগৰ লোকে ৷ খবৰ পোৱাৰ মাত্ৰে অভিযান আৰম্ভ কৰে বন বিভাগৰ দলটোৱে ৷ তাৰ পাছতে বুধবাৰে নিশা কাজিৰঙাৰ বাগৰিত বাছখন অভিযান চলাই বন বিভাগৰ দলটোৱে কেইবাকেজি ওজনৰ হৰিণাৰ মাংসখিনি উদ্ধাৰ কৰে ৷ লগতে আটক কৰে দুজন যুৱকক ৷ আটক কৰা যুৱক দুজন হৈছে সুনীল তাঁতী আৰু অজয় মোদী বুলি জানিব পৰা গৈছে ৷ শেহতীয়া খবৰ অনুসৰি,ধৃত দুই যুৱকক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে ৷ ইফালে বন বিভাগৰ লোকে জানিবলৈ দিয়া অনুসৰি,জব্দকৃত মাংসখিনিৰ ওজন প্ৰায় পোন্ধৰ কিল’গ্ৰাম ৷ প্ৰাথমিক তদন্তত জব্দকৃত মাংসখিনি ঘৰত খাবলৈ নিয়া বুলিহে তথ্য লাভ কৰিছে বন বিভাগে । এই সন্দৰ্ভত অধিক তথ্যৰ বাবে কাজিৰঙা বন বিভাগে আৰম্ভ কৰিছে অভিযান ৷ কিন্তু এই বাতৰি পোহৰলৈ অহাৰ পাচতে সৰ্বত্ৰে চৰ্চিত হৈ পৰিছে ৷ এই ঘটনাক একে মুখে সচেতন মহলে নিন্দা কৰিছে ৷

ঋতু পৰ্ণ শৰ্মা,নগাঁও

You May Also Like

More From Author