অসমৰ বান-গৰাখহনীয়া সমস্যাৰ স্থায়ী সমাধানৰ দায়িত্ব সম্পূৰ্ণভাৱে কেন্দ্ৰীয় চৰকাৰে ল’ব লাগিব

1 min read

হাতীমুৰাৰ শ্লুইচ গেট সংযোগী বান্ধটো নিম্নমানদণ্ডৰ

নিউজ ব্যুৰ’,নগাঁও,৮জুলাই:–অসমৰ বান পৰিস্থিতিকলৈ কেন্দ্ৰীয় চৰকাৰে দেখুওৱা অমনোযোগিতাকলৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সদৌ অসম ছাত্ৰ সন্থাৰ উপদেষ্টা ড° সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই । ৰবিবাৰে নগাঁৱত ভট্টাচাৰ্যই সংবাদ মাধ্যমক কয় যে শেহতীয়া বান আৰু গৰাখহনীয়াকলৈ আমি উদ্বিগ্ন। ৫৩জনকৈ লোকৰ প্ৰাণ গ’ল। কিন্তু দেশৰ প্ৰধানমন্ত্ৰীজন মৌন আৰু নিস্ক্ৰিয়। আমাৰ খং আছে। তেওঁলোকে নিৰ্বাচনৰ সময়ত ডবল ইঞ্জিন চৰকাৰৰ কথা কয়। কিন্তু বান আৰ খহনীয়াৰ সময়ত চিংগল ইঞ্জিন চৰকাৰৰ কথা কয়। এইটো অন্যায়। বান আৰু গৰাখহনীয়া সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে সমাধান কৰিব লাগিব বুলি মন্তব্য কৰি ড° ভট্টাচাৰ্যই কয় যে আমি ৰাষ্ট্ৰীয় সমস্যাৰ কথা ক’লে তেওঁলোক উচপ খাই উঠে আৰু আমাক প্ৰশ্ন কৰে ৰাষ্ট্ৰীয় সমস্যা মানে কি ? আমি প্ৰশ্ন কৰ্তা সকলক ক’ব খুজো অসমৰ দৰে ৰাজ্য এখনে বান আৰু গৰাখহনীয়াৰ সমস্যা সমাধান কৰিব নোৱাৰে। গতিকে অসমৰ বান-গৰাখহনীয়া সমস্যাৰ স্থায়ী সমাধানৰ দায়িত্ব সম্পূৰ্ণভাৱে কেন্দ্ৰীয় চৰকাৰে ল’ব লাগিব। এইটোৱেই সমস্যাটো ৰাষ্ট্ৰীয় সমস্যা হিচাপে সমাধান কৰাটো সূচায়। তেওঁ লগতে কয় যে অন্য ৰাজ্যত বান হোৱা হ’লে প্ৰধানমন্ত্ৰী নিজে গ’লহেতেন। মন্ত্ৰীৰ দল পঠিয়ালেহেতেন। পেকেজ দিলেহেতেন। কিন্তু অসমৰ ক্ষেত্ৰত প্ৰধানমন্ত্ৰী অহা নায়েই। কোনো পেকেজৰ কথাও নাই। তৎকালীন ভাৱে নূন্যতম এহেজাৰ কোটি টকা দিব লাগে। তাৰ পিছত ক্ষয় ক্ষতি চাই আৰু ধন দিব লাগে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে বান সমস্যা সমাধানৰ বাবে ৫০ টা ডাঙৰ পুখুৰী খান্দিবলৈ পৰামৰ্শ দিয়া বিষয়টো সম্পৰ্কত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ড° ভট্টাচাৰ্যই কয় যে এইটো কেনেকৈ সম্ভৱ। কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ পৰামৰ্শ পতিয়নযোগ্য নহয়। অসমৰ বিজ্ঞানী-বিশেষজ্ঞ সকলৰ লগত কথা নপতাকৈ হঠাৎ এটা সিদ্ধান্ত ল’ব। পিছত পুনৰ বুমেৰাং হ’ব।এনেকুৱা ঘটনা ঘটি আছে। গতিকে অসমৰ বিশেষজ্ঞ সকলৰ লগত কথা পাতি লব লাগে। এই ক্ষেত্ৰত আলোচনা কৰি ব্যৱস্থা ল’ব লাগে। কিন্তু ৰাষ্ট্ৰীয় সমস্যা হিচাপে বান আৰু গৰাখহনীয়া সমস্যা সমাধান কৰাৰ বিকল্প নাই। সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টাগৰাকীয়ে বানাক্ৰান্ত লোক সকলক অসম চৰকাৰে সঠিক ভাৱে সাহায্য দিব পৰা নাই বুলিও ক্ষোভ উজাৰে । নগাঁৱত সংবাদ মাধ্যমক সাক্ষাৎকাৰ দিয়াৰ পিছতে ড° ভট্টাচাৰ্যই কলিয়াবৰৰ হাতীমুৰাৰ ভগ্ন বান্ধ পৰিদৰ্শন কৰাৰ লগতে কলিয়াবৰৰ বানাক্ৰান্তৰ খবৰ লয় । হাতীমুৰাৰ শ্লুইচ গেট সংযোগী বান্ধটো নিম্নমানদণ্ডৰ বুলি অভিযোগ তুলি এই কামৰ বাবে দোষীসকলক কঠোৰ শাস্তি বিহাৰ দাবী জনাই ছাত্ৰ নেতা গৰাকীয়ে ।

ঋতু পৰ্ণ শৰ্মা,নগাঁও

You May Also Like

More From Author