Month: July 2024

বটদ্ৰৱাৰ বৰভেটিত বটদ্ৰৱা আৰক্ষীৰ অভিযানত উদ্ধাৰ এটা হস্তনিৰ্মিত পিষ্টল সহ চাৰি জাই সজীৱ গুলি…

বটদ্ৰৱাৰ বৰভেটিত বটদ্ৰৱা আৰক্ষীৰ অভিযানত উদ্ধাৰ এটা হস্তনিৰ্মিত পিষ্টল সহ চাৰি জাই সজীৱ গুলি…

– বটদ্ৰৱা আমলখি গাঁৱৰ জিয়াউৰ ৰহমান নামৰ ব্যক্তি গৰাকীৰ পৰা পিষ্টল উদ্বাৰ কৰে বটদ্ৰৱা আৰক্ষীয়ে। – ধৃত জিয়াউৰ ৰহমানে ডিমাপুৰৰ পৰা পিষ্টল ক্ৰয় কৰি আনিছিল বুলি জানিব পৰা গৈছে । – বটদ্ৰৱা আৰক্ষীয়ে ধৃত জিয়াউৰ ৰহমানক অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে । ধিঙৰ পৰা সুৰুজ আলী।

বটদ্ৰৱৰ পুঠিমাৰীত পুনৰ বাঘৰ আক্ৰমণ, বাঘৰ আক্ৰমণত গুৰুতৰভাৱে আহত আব্দুল ৰেজাক (৫২)

বটদ্ৰৱৰ পুঠিমাৰীত পুনৰ বাঘৰ আক্ৰমণ, বাঘৰ আক্ৰমণত গুৰুতৰভাৱে আহত আব্দুল ৰেজাক (৫২)

বাঘৰ আক্ৰমণত গুৰুতৰভাৱে আহত আব্দুল ৰেজাক (৫২)! বটদ্ৰৱাৰপুঠিমাৰিত সংঘটিত হৈছে এই ঘটনা! সম্প্ৰতি বাঘৰ আক্ৰমণৰ বলি হোৱা লোকজনক নগাঁও লৈ প্ৰেৰণ।যোৱা এপষেক ধৰি জুৰীয়া আৰু ধিংৰ বিভিন্ন অঞ্চলত সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছে প্ৰকাণ্ড ঢেকীয়াপতীয়া বাঘটোৱে। ধিঙৰ পৰা সুৰুজ আলী।

নগাঁৱৰ ৰাইডঙীয়াৰ উদয় চন্দ্ৰ শইকীয়া উচ্চ মাধ্যমিক বিদ্যালয়ৰ সোণালী জয়ন্তী বৰ্ষৰ শুভাৰম্ভ

নগাঁৱৰ ৰাইডঙীয়াৰ উদয় চন্দ্ৰ শইকীয়া উচ্চ মাধ্যমিক বিদ্যালয়ৰ সোণালী জয়ন্তী বৰ্ষৰ শুভাৰম্ভ

নিউজ ব্যুৰ’,নগাঁও,১৩জুলাই :– ১৯৭৪চনত নগাঁও জিলাৰ সোণাইপৰীয়া অঞ্চল ৰাইডঙীয়া কৰচুঙত স্থাপিত উদয় চন্দ্র শইকীয়া উচ্চ মাধ্যমিক বিদ্যালয়ৰ সোণালী জয়ন্তী বৰ্ষ উৎসৱ শনিবাৰৰে পৰা আৰম্ভ হৈছে। তদুপলক্ষে পুৱাৰে পৰা শিক্ষক-শিক্ষয়িত্ৰী,ছাত্ৰ-ছাত্ৰী, অভিভাৱক-আভিভাৱিকা,প্ৰাক্তন ছাত্ৰ-ছাত্ৰী তথা অতিথিসকলৰ উপস্থিতিত উদয় চন্দ্ৰ শইকীয়া উচ্চ মাধ্যমিক বিদ্যালয় প্ৰাঙ্গণত এক উখল-মাখল পৰিৱেশৰ সৃষ্টি হয় । সোণালী জয়ন্তী বৰ্ষৰ

নগাঁৱৰ কামপুৰত সদৌ অসম প্ৰাদেশিকীকৃত মধ্য ইংৰাজী আৰু নিম্ন প্ৰাথমিক শিক্ষক টিউটৰ সংস্থাৰ সংবাদমেল

নগাঁৱৰ কামপুৰত সদৌ অসম প্ৰাদেশিকীকৃত মধ্য ইংৰাজী আৰু নিম্ন প্ৰাথমিক শিক্ষক টিউটৰ সংস্থাৰ সংবাদমেল

পদ নিয়মীয়া নকৰিলে ২২জুলাইৰ পৰা তীব্ৰ আন্দোলন নিউজ ব্যুৰ’,নগাঁও,১৩জুলাই :–সদৌ অসম প্ৰাদেশিকীকৃত মধ্য ইংৰাজী আৰু নিম্ন প্ৰাথমিক শিক্ষক টিউটৰ সংস্থাৰ এক সংবাদমেল আজি নগাঁও জিলাৰ কামপুৰত অনুষ্ঠিত হয়। কামপুৰ উন্নতি সাধিনী সভাৰ সভাগৃহত অনুষ্ঠিত সংবাদমেলখনিত সদৌ অসম টিউটৰ শিক্ষক সন্থাৰ নেতৃবৃন্দই টিউটৰসকলৰ পদ নিয়মীয়া নকৰিলে অহা ২২জুলাইৰ পৰা তীব্ৰ আন্দোলন

নগাঁৱৰ কাছমাৰীত সাতদিনীয়া কোচ ৰাজবংশী জনগোষ্ঠীয় নৃত্য প্ৰশিক্ষণৰ সামৰণি

নগাঁৱৰ কাছমাৰীত সাতদিনীয়া কোচ ৰাজবংশী জনগোষ্ঠীয় নৃত্য প্ৰশিক্ষণৰ সামৰণি

নিউজ ব্যুৰ’,নগাঁও,১২জুলাই:– কোচ ৰাজবংশী উন্নয়ন পৰিষদৰ উদ্যোগত নগাঁও জিলা কোচ ৰাজবংশী সন্মিলনীৰ সহযোগত নগাঁও জিলাৰ বেবেজীয়াৰ সমীপৰ কাছমাৰীৰ পলাশতলত সাতদিনীয়াকৈ আয়োজিত কোচ ৰাজবংশী জনগোষ্ঠীয় নৃত্য প্ৰশিক্ষণৰ আজি সামৰণি পৰে।এই উপলক্ষে কোচ ৰাজবংশী সন্মিলনীৰ নগাঁও জিলা সমিতিৰ সভাপতি প্ৰভাত বৰাই কয় যে বৃহত্তৰ অসমীয়া জাতি তথা জাতিটোৰ সাহিত্য,ভাষা-সংস্কৃতি আদিৰ গঠন,বিকাশ আৰু