বাতিল হ’ল ‘দ্যা আছাম মুছলিম মেৰিয়েজ এণ্ড ডিভ’ৰ্চ ৰেজিষ্ট্ৰেচন এক্ট-১৯৩৫’

1 min read

অসম বিধানসভাত আজি গৃহীত হয় ‘দ্যা আছাম ৰিপিলিং বিল-২০২৪’। ইয়াৰ লগে লগে বাতিল হ’ল ‘দ্যা আছাম মুছলিম মেৰিয়েজ এণ্ড ডিভ’ৰ্চ ৰেজিষ্ট্ৰেচন এক্ট-১৯৩৫’। এতিয়াৰে পৰা এই আইনৰ স্থান ল’ব ‘Assam Compulsory Registration of Muslim Marriages and Divorces Bill, 2024’য়ে।

বিধানসভাত এই বিল গৃহীত হোৱাৰ পাছতে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কয়, ”১৯৩৫ৰ শ্বৰিয়ত আইনৰ লগত ‘দ্যা আছাম ৰিপিলিং বিল-২০২৪’ৰ কোনো সম্পৰ্ক নাই। কাজীসকল বাল্য বিবাহ প্ৰতিৰোধৰ পক্ষপাতী নহয়। সেয়ে তেওঁলোক এই আইনৰ বিৰুদ্ধে কাজীসকল দ্বাৰস্থ হৈছে উচ্চ ন্যায়ালয়ৰ।

You May Also Like

More From Author