নাজিৰা, ১ আগষ্ট, ২০২৪
যোৱা ২৮ জুলাইত কলকাতাৰ বিশ্ব বাংলা কনভেনচন চেণ্টাৰত অনুষ্ঠিত খনি সুৰক্ষা বঁটা ২০২৪ (Mines Safety Award 2024) অনুষ্ঠানত অ’এনজিচি অসম সম্পদে দুটাকৈ সন্মানীয় বঁটা লাভ কৰিবলৈ সক্ষম হৈছে।
খনি সুৰক্ষা সঞ্চালকালয়ৰ (DGMS) তত্বাৱধানত সৰ্বভাৰতীয় খনি সুৰক্ষা সন্থাৰ উদ্যোগত আয়োজিত এই অনুষ্ঠানটোৰ মূল লক্ষ্য হ’ল সমগ্ৰ ভাৰতবৰ্ষত খনন কার্যকলাপত উত্তম পদ্ধতিৰ প্ৰচাৰ আৰু সুৰক্ষাৰ মান বৃদ্ধি কৰা।
তেল খনি-মধ্যম শাখাত অ’এনজিচি অসম সম্পদৰ ৰুদ্রসাগৰ উৎপাদন তলৈ খনিয়ে প্ৰথম পুৰস্কাৰ লাভ কৰাৰ বিপৰীতে লাকুৱা উৎপাদন তৈল খনিয়ে দ্বিতীয় পুৰস্কাৰ লাভ কৰিছে।
গাম্ভীর্যপূর্ণ অনুষ্ঠানটোত অ’এনজিচিৰ উৎপাদন সঞ্চালক পংকজ কুমাৰৰ উপস্থিতিত ডিজিএমএছৰ সঞ্চালক প্ৰধান প্রভাত কুমাৰ আৰু কল ইণ্ডিয়া লিমিটেডৰ অধ্যক্ষ পি এম প্রসাদে অ’এনজিচি অসম সম্পদক বঁটা দুটা অৰ্পণ কৰে।
অসম সম্পদৰ হৈ কার্যবাহী সঞ্চালক-সম্পদ প্ৰবন্ধক ৰাজেশ তিৱাৰী, চিজিএম-চার্ফেচ মেনেজাৰ ভাস্কৰ চৌধাৰী নেট্রেম, চিজিএম-এচেট চাপ’ৰ্ট মেনেজাৰ, হেড-এচেট এইচএছই গৌতম দাস, ৰুদ্ৰসাগৰ জিজিএছ২ৰ চিই-আইএম- দীপক কুমাৰ মিশ্র, লাকুৱা জিজিএছ১ৰ আৰ ই নিলেশ গাইকোৱাড আৰু টেকনিচিয়ান (উৎপাদন), ডব্লিউএমআই মানসজ্যোতি বৰঠাকুৰে বঁটা দুটা গ্ৰহণ কৰে।
অ’এনজিচি অসম সম্পদৰ কৰ্মপদ্ধতিত সুৰক্ষাৰ ক্ষেত্ৰত প্ৰদান কৰা গুৰুত্বৰ প্ৰতি এয়া অন্যতম স্বীকৃতি হিচাপে বিবেচিত হৈছে। উল্লেখযোগ্য যে খনি সুৰক্ষা বঁটা প্ৰদান অনুষ্ঠানত দেশৰ তেল আৰু গেছ, কয়লা আৰু ধাতু খণ্ডৰ বহুসংখ্যক প্রতিনিধিয়ে অংশগ্রহণ কৰিছিল। বিভিন্ন খণ্ডৰ মুঠ ৪৫টা খনিক বঁটাৰ বাবে নিৰ্বাচিত কৰা হৈছিল। খনন উদ্যোগত সুৰক্ষা সংস্কৃতি প্ৰসাৰৰ ক্ষেত্ৰত খনি সুৰক্ষা বঁটা (এম এছ এ) ২০২৪ এক মাইলৰ খুঁটি হিচাপে পৰিগণিত হৈ থাকিব।
(PRESS RELEASE)