Month: August 2024

উত্তৰাখণ্ডত প্ৰকৃতিৰ ৰুষ্ট ৰূপঃ ধাৰাসাৰ বৰষুণ আৰু ভূমিস্খলনৰ ফলত নিহত ১১ জন

উত্তৰাখণ্ডত প্ৰকৃতিৰ ৰুষ্ট ৰূপঃ ধাৰাসাৰ বৰষুণ আৰু ভূমিস্খলনৰ ফলত নিহত ১১ জন

উত্তৰাখণ্ডত ৰুষ্ট প্ৰকৃতি। ৰাজ্যখনত ধাৰাসাৰ বৰষুণ আৰু ভূমিস্খলনে বিধ্বংসী ৰূপ ধাৰণ কৰিছে। কেইবাটাও অঞ্চলত চলাইছে ব্যাপক ধ্বংসলীলা। জানিব পৰা মতে, এই দুৰ্ঘটনাত এই পৰ্যন্ত ১১ গৰাকীৰ মৃত্যু হোৱা লগতে আৱদ্ধ হৈ আছে ১৫০০ তকৈ অধিক লোক। বুধবাৰে কেদাৰ উপত্যকাৰ লিনচোলিৰ সমীপৰ জাংগলচাট্টিত ধাৰাসাৰ বৰষুণ আৰু ডাৱৰ বিস্ফোৰণ হয়। ফলত ৰামবাৰা

৮ বছৰত ৰাইজৰ এবাৰো খবৰ নোলোৱাৰ গুৰুতৰ অভিযোগ বিধায়িকা সুমন হৰিপ্ৰিয়াৰ বিৰুদ্ধে…

৮ বছৰত ৰাইজৰ এবাৰো খবৰ নোলোৱাৰ গুৰুতৰ অভিযোগ বিধায়িকা সুমন হৰিপ্ৰিয়াৰ বিৰুদ্ধে…

হাজোৰ বিধায়িকা সুমন হৰিপ্ৰিয়াৰ বিৰুদ্ধে শুকুৰবাৰে তীব্ৰ ক্ষোভ উজাৰিলে অঞ্চল বাসীয়ে। বুল্লট দক্ষিণ শিঙৰা,নলবাৰী সংযোগী পথৰ দুৰৱস্থা দেখি বিধায়িকা সুমন হৰিপ্ৰিয়াৰ বিৰুদ্ধে ক্ষোভিত হৈ পৰে ৰাইজ। ৰাইজৰ ভাষ্য অনুসৰি বিগত ৮ বছৰত এবাৰো ৰাইজৰ খবৰ লোৱা নাই বিধায়িকা গৰাকীয়ে। উল্লেখযোগ্য যে, এই পথছোৱা কামৰূপ নলবাৰী সংযোগী এক মাত্ৰ পথ। বছৰৰ

তেজপুৰৰ বিহগুৰিত ৰাছেল ভাইপাৰ উদ্ধাৰ

তেজপুৰৰ বিহগুৰিত ৰাছেল ভাইপাৰ উদ্ধাৰ

তেজপুৰৰ বিহুগুৰীত আজি এবিধ অতি বিষাক্ত সাপ ৰাছেল ভাইপাৰ উদ্ধাৰ কৰিবলৈ সক্ষম হয় সৰ্পবান্ধৱ সৌৰভ বৰকটকীয়ে ৷ সাপটো উদ্ধাৰ কৰি বন বিভাগক চমজাই দিয়ে। আজি পুৱা বিহুগুৰীৰ সেনা চাউনিৰ কাষৰ এখন পথাৰত ধ্ৰুৱজ্যোতি বৰুৱা নামৰ লোকজনে প্ৰথম প্ৰত্যক্ষ কৰে সাপটো। পৰৱৰ্তী সময়ত বৰকটকীয়ে সাপটো ৰাছেল ভাইপাৰ বুলি চিনাক্ত কৰে আৰু

অলিম্পিকত মহিলা বক্সিঙত নমা খেলিভ সঁচাকৈয়ে মহিলা নহয় নেকি? ৪৬ছেকেণ্ডতেই কিয় নেখেলাৰ সিদ্ধান্ত ল’লে ইটালীৰ খেলুৱৈয়ে?

অলিম্পিকত মহিলা বক্সিঙত নমা খেলিভ সঁচাকৈয়ে মহিলা নহয় নেকি? ৪৬ছেকেণ্ডতেই কিয় নেখেলাৰ সিদ্ধান্ত ল’লে ইটালীৰ খেলুৱৈয়ে?

বক্সিং ৰিঙত নামি ৪৬ ছেকেণ্ডৰ ভিতৰতেই নাম প্ৰত্যাহাৰ৷ ইটালীৰ মহিলা বক্সাৰ এঞ্জেলিনা কাৰিনিয়ে পেৰিছ অলিম্পিকত ল’লে এই সিদ্ধান্ত৷ আঘাত লগাৰ কাৰণে এই সিদ্ধান্ত ল’বলৈ বাধ্য হৈ পৰিছে বুলি জনালেও তেওঁ ৰিং এৰি যোৱাক লৈ তৈয়াৰ হৈছে নতুন বিতৰ্ক৷ কাৰিনি খেলত নামিছিল আলজেৰিয়াৰ ইমান খেলিফৰ বিৰুদ্ধে৷ তেওঁক লৈয়েই এতিয়া উঠিছে একাধিক

কস্তুৰবা গান্ধী বালিকা বিদ্যালয়ৰ নৱনিৰ্মিত গাৰ্লছ হোষ্টেলৰ শুভ উদ্বোধন বিটিচি প্ৰধান প্ৰমোদ বড়োৰ

কস্তুৰবা গান্ধী বালিকা বিদ্যালয়ৰ নৱনিৰ্মিত গাৰ্লছ হোষ্টেলৰ শুভ উদ্বোধন বিটিচি প্ৰধান প্ৰমোদ বড়োৰ

চিৰাঙৰ বিজনীৰ বড়োবাজাৰস্থিত কস্তুৰবা গান্ধী বালিকা বিদ্যালয়ৰ নৱনিৰ্মিত গাৰ্লছ হোষ্টেল বৃহস্পতিবাৰে উদ্বোধন কৰা হয়। ভাৰত চৰকাৰৰ সমগ্ৰ শিক্ষা আঁচনিৰ অধীনত মুঠ ১.৪৯ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা এই গাৰ্লছ হোষ্টেলৰ শুভ উদ্বোধন কৰে বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োই। তদুপৰি হোষ্টেল চৌহদত গছপুলি ৰোপণ কাৰ্য্যসূচীতো অংশগ্ৰহণ কৰে প্ৰমোদ বড়োই।