ৰাজ্যত কেবাটাও অনলাইন ট্ৰেডিং চক্ৰই লুন্ঠনৰ জাল পেলাই ইতিমধ্যে প্ৰৱঞ্চনাৰে কোটি কোটি টকা আত্মসাৎ কৰাৰ খবৰে আলোড়ন সৃষ্টি কৰি থকা সময়তে এইবাৰ বাক্সা জিলাৰ মুছলপুৰতো এগৰাকী মহিলাই জমা ধন তিনি-চাৰিগুণ কৰি দিয়াৰ প্ৰলোভন দেখুৱাই প্ৰায় এশ কোটি টকা লুটি পলায়ন কৰা ঘটনাই স্তম্ভিত কৰি তুলিছে সকলোকে ৷ দীপাংকৰ বৰ্মন, চুমী-তাৰ্কিক বৰাৰ দৰে এতিয়া প্ৰায় এশ কোটি টকা লুন্ঠন কৰি পলাতক অৱস্থাত থকা মহিলাগৰাকী হৈছে মুছলপুৰৰ পশ্চিম বাংনাবাৰীৰ মাইনাও ব্ৰহ্ম ৷ কম সময়ত সহজে অধিক লাভৰ আশাত প্ৰায় আঠ হাজাৰ গ্ৰাহকে মুছলপুৰৰ এইগৰাকী মহিলাৰ ওচৰত লাখে লাখে টকা জমা কৰাৰ পিছত এতিয়া মহিলাগৰাকীক বিচাৰি হাবাথুৰি খাইছে প্ৰতাৰিত লোকসকলে। সহজ ধনৰ লোভত নিজৰ ধন মাইনাওৰ হাতত জমা দি প্ৰৱঞ্চনাৰ বলি হোৱা মুছলপুৰ অঞ্চলৰ আঠ হাজাৰ গ্ৰাহকৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে৷ শেষত উপায়ন্তৰ হৈ একাংশ গ্ৰাহকে কালি নিশা বাক্সাৰ মুছলপুৰ সদৰ থানাত প্ৰৱঞ্চক মাইনাও ব্ৰহ্মৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে৷ গ্ৰাহকসকলে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ হস্তক্ষেপ বিচাৰি তেওঁলোকৰ কোটি কোটি টকা জমা ধন আদায় কৰি দিবলৈ বাক্সা আৰক্ষীক অনুৰোধ জনায়। ইপিনে থানাত গোচৰ দাখিল কৰি প্ৰৱঞ্চিত লোকসকলে মাইনাও ব্ৰহ্মই জমা ৰখা ধনৰ বাবে গ্ৰাহকসকলক বেংকৰ ভুৱা চেকপাত দিয়াৰ লগতে দলিলত চহী কৰি বিশ্বাস দিয়েই দীৰ্ঘদিন ধৰি আভুৱা ভাৰি আহিছিল বুলি জনায় ৷ পূৰ্বতে মুছলপুৰ চহৰত এখন পাণ-তামোলৰ দোকানীৰূপে পৰিচিত মাইনাও ব্ৰহ্মই গ্ৰাহকক প্ৰৱঞ্চনা কৰি কোটি কোটি টকা আত্মসাৎ কৰি এটা বৃহৎ অট্টালিকা নিৰ্মাণ কৰাৰ তথ্যও এজাহাৰকাৰী সকলে উল্লেখ কৰিছে ৷ তদুপৰি বিভিন্ন অঞ্চলত মূল্যৱান মাটি ক্ৰয় কৰাৰ তথ্যও পোহৰলৈ আনিছে অভিযোগকাৰীসকলে ৷ লগতে কোটি কোটি টকা লুন্ঠন কৰি আত্মগোপন কৰা মাইনাও ব্ৰহ্মৰ স্বামী সমীন স্বৰ্গীয়াৰীয়েও এতিয়া পত্নীৰ প্ৰৱঞ্চনাৰ ধনেৰে বিলাসী জীৱন যাপন কৰাৰ লগতে কেবাখনো বিলাসী গাড়ীৰ মালিক হোৱা বুলিও প্ৰতাৰিত লোকসকলে অভিযোগ কৰে ৷