অমৃততকৈ মিঠা সংস্কৃত ভাষা= গিৰীন্দ্ৰ কুমাৰ বৰুৱা
নিউজ ব্যুৰ’,নগাঁও,২২অক্টোবৰ :– মধ্য অসমৰ আগশাৰীৰ চহৰ নগাঁৱত দেৱ ভাষা সংস্কৃতত “অভিজ্ঞান শকুন্তলম” নাটকখনি পোন প্ৰথমবাৰৰ বাবে নগাঁও জিলা সংস্কৃত ভাষা বিকাশ মঞ্চৰ দ্বাৰা সংস্কৃত ভাষাত পূৰ্ণাঙ্গ ৰূপত অভিনীত হ’ল। “অভিজ্ঞান শকুন্তলম” সম্পাদনা আৰু মঞ্চ অভিযোজনা কৰিছে নগাঁও মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক গুণ শইকীয়াই। নগাঁও জিলা পুথিভড়ালৰ প্ৰেক্ষাগৃহত “শৰতৰ সন্ধ্যা”ত অনুষ্ঠিত “অভিজ্ঞান শকুন্তলম’ৰ উদ্বোধন কৰে বিশিষ্ট শিক্ষাবিদ,প্ৰাক্তন মন্ত্ৰী তথা বিধায়ক গিৰীন্দ্ৰ কুমাৰ বৰুৱাই । নাটখনি শুভ উদ্বোধনৰ পূৰ্বে যজ্ঞপতি শ্বাস্ত্ৰী,উপেন্দ্ৰ বৰকটকী,মুকুল শৰ্মা,বিপুল কটকী, গিৰীন্দ্ৰ কুমাৰ বৰুৱাই এগচকিকৈ বন্তি প্ৰজলন কৰে। গুৰু গুণ শইকীয়াৰ চৰণ স্পৰ্শ কৰি শিষ্য গিৰীন্দ্ৰ কুমাৰ বৰুৱাই মঞ্চ মুকলি কৰি কয় যে আজি নাটখনি পূৰ্ণাংগ ৰূপত প্ৰথম বাৰৰ বাবে সংস্কৃত ভাষাত অভিনীত কৰা হৈছে। অমৃততকৈ মিঠা সংস্কৃত ভাষা। সংস্কৃতৰ পৃষ্ঠভূমিক সদায় সন্মান জনায় আগবাঢ়ি যাব লাগিব । নাটকখনি সম্পাদনা কৰা গুণ শইকীয়াই কয় যে মূল সংস্কৃত নাটকখনকে ইয়াত পাব। কলা-কুশলীসকলে কষ্ট কৰিছে। সফলতা প্ৰাপ্তি বুলিব পাৰি। ৰাজেন ফুকনে পৰিচালনা কৰা নাটকখনিৰ বিভিন্ন চৰিত্ৰত অভিনয় কৰিছে ৰুবুল মহন্ত,নিৰ্মান জ্যোতি মুক্তিয়াৰ,তন্মী ফুকন,নিবেদিতা গৌতম,চিংকি কলিতা বৰা,দিজেন শৰ্মা,বৰ্ণালী পৰাশৰ,পুতুল শৰ্মা,বিকাশ বৰা,নৱজ্যোতি গোস্বামী, লক্ষ্য জ্যোতি গোস্বামী,প্ৰকাশ শইকীয়া, যুগল হাজৰিকা,প্ৰশান্ত গোস্বামী,সত্য প্ৰসাদ শৰ্মা,কমলেশ শইকীয়া,ময়ূখী বেজবৰুৱা,জিষ্ণু বেজবৰুৱা,মানসী দেৱী,ঘোষিতা শৰ্মা আদিয়ে। নাটকখনৰ সহযোগী পৰিচালনা ড° দ্বিজেন শৰ্মা আৰু সংগীত পৰিচালক দীপক কুমাৰ শৰ্মাৰ। মঞ্চসজ্জা আৰু বেশভূষাত মৃদু মৌচম বৰা,কলা নিৰ্দেশনা জ্যোতি গগণৰ আৰু অংগ সজ্জাত প্ৰকাশ বৰা । নাটখনিৰ সামগ্ৰিক ব্যৱস্থাপনা ড” ধৰ্মেশ্বৰ গোস্বামীৰ আৰু সংগীত সহযোগী অতুল মহন্ত,অভিষেক ধৰ আৰু গুণকান্ত দাস। নান্দী শ্লোক আৰু সংলাপৰ নেপথ্যৰ শিল্পী ৰঞ্জন বেজবৰুৱা আৰু গীতত ইন্দ্ৰাণী বৰাৰ । উল্লেখ্য যে সহস্ৰাধিক দৰ্শকে উপভোগ কৰা নাটখনি আপ্লুত হৈ পৰাৰ লগতে সংস্কৃত ভাষা বিকাশ মঞ্চৰ এনে প্ৰচেষ্টাৰ শলাগ লৈছে ।