সমগ্ৰ ৰাজ্যৰ লগতে কোকৰাঝাৰ জিলাতো দেওবাৰে নিযুত মইনা আচঁনিৰ অধীনত চেক বিতৰণ অনুষ্ঠান সম্পন্ন হয়। কোকৰাঝাৰৰ বড়োলেণ্ড ইউনিভাৰ্ছিটিত নিযুত মইনা আঁচনিৰ চেক বিতৰণী অনুষ্ঠানৰ শুভাৰম্ভ কৰে বি টী চিৰ ই এম্ উৱিলছন হাছদাই।
চেক বিতৰণ কৰি বিধায়ক তেওঁ কয় যে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ বলিষ্ঠ নেতৃত্বত এই আঁচনিৰ জৰিয়তে ৰাজ্যৰ ১,৫৯,০৯৩ গৰাকী ছাত্ৰী পোনপটীয়াকৈ উপকৃত হ’ব। কোকৰাঝাৰ জিলাৰ মুঠ ৫ হাজাৰতকৈ অধিক ছাত্ৰী ইয়াৰ দ্বাৰা লাভান্বিত হ’ব।
এই আঁচনিখনে অসমত নাৰী শিক্ষাৰ ক্ষেত্ৰত এক নতুন জাগৰণ আনিবলৈ সমৰ্থ হ’ব আৰু পৰৱৰ্তী প্ৰজন্মৰ যুৱতীসকলক শক্তিশালী কৰিব বুলি মন্তব্য কৰে ই এম হাছদাই।