উপ- নিৰ্বাচনৰ পূৰ্বে চামগুৰিত ১৬৩ ধাৰা, লগতে জাৰি বিভিন্ন নিষেধাজ্ঞা

1 min read

কাইলৈ ৰাজ্যৰ ৫ টাকৈ সমষ্টিত অনুষ্ঠিত হব বিধানসভাৰ উপ- নিৰ্বাচন। নগাঁও জিলা দণ্ডাধীশে গ্ৰহণ কৰিছে এক বিশেষ সিদ্ধান্ত। নিৰ্বাচন সুকলমে চলাই নিয়াৰ বাবে আৰু শান্তি বৰ্তাই ৰখাৰ বাবে দণ্ডাধীশ গৰাকীয়ে এক নিৰ্দেশনা জাৰি কৰিছে।

চামগুৰি সমষ্টিত বৃদ্ধি হোৱা নিৰ্বাচনকেন্দ্ৰিক সংঘাতৰ মাজতে নগাঁও জিলা দণ্ডাধীশে গ্ৰহণ কৰিছে এক বিশেষ সিদ্ধান্ত। নগাঁও জিলাৰ চামগুৰি সমষ্টিত উপ- নিৰ্বাচন যাতে সুকলমে হৈ যায় আৰু জনসাধাৰণৰ মাজত নিৰাপত্তা আৰু শান্তি বৰ্তি থাকে তাৰ বাবে নগাঁও জিলা দণ্ডাধীশগৰাকীয়ে ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ ১৬৩ ধাৰা জাৰি কৰিছে। লগতে ভাৰতৰ নিৰ্বাচন আয়োগে ৭২ ঘন্টা আৰু ৪৮ ঘন্টা এছ অ’ পিৰ অধীনত বহু নিশেধাজ্ঞা জাৰি কৰিছে।

উক্ত নিধেধাজ্ঞাসমূহ জিলাখনৰ ৮৮ নং বিধানসভা সমষ্টি চামগুৰিৰ অন্তৰ্গত অঞ্চলসমূহত প্ৰযোজ্য হ’ব। নিষেধাজ্ঞা অনুসৰি ভোট গ্ৰহণ হোৱাৰ পূৰ্বে ৪৮ ঘন্টাৰ ভিতৰত নিৰ্বাচনী প্ৰচাৰ সভা, শোভাযাত্ৰা, যিকোনো ধৰণৰ নিৰ্বাচনী প্ৰচাৰ বা ৰাজনৈতিক প্ৰচাৰ অনুষ্ঠিত হ’ব নোৱাৰে। ইয়াৰ লগতে চামগুৰিত বাহিৰৰ পৰা নিৰ্বাচনী প্ৰচাৰৰ বাবে অনা ব্যক্তিৰ উপস্থিতিত নিষেধাজ্ঞা জাৰি কৰা হৈছে। অৰ্থাৎ যিসকল চামগুৰিৰ ভোটাৰ নহয় তেওঁলোকৰ দ্বাৰা কোনোলোকে প্ৰচাৰ, সভা, সমাবেশ, শোভাযাত্ৰা কৰিব নোৱাৰাৰ লগতে ৰাজহুৱা স্থানত ৫ বা তাতোকৈ অধিক ব্যক্তিৰ সমাবেশ নিষিদ্ধ কৰা হৈছে।

অৱশ্যে যিসকলে ঘৰে ঘৰে গৈ প্ৰচাৰ আৰু কৰ্তব্যৰত কৰ্মৰত আৰক্ষী- সেনা বাহিনী, জোৱান,কৰ্তব্যৰত দণ্ডাধীশ, ন্যায়িক বিষয়া, নিৰ্বাচনত নিয়োজিত ব্যক্তি, জৰুৰীকালীন সেৱাৰ লগত জড়িত ব্যক্তি আদিৰ ক্ষেত্ৰত এই নিৰ্দেশ প্ৰযোজ্য নহয়। ১১ নৱেম্বৰত উক্ত জাননী জাৰি কৰিছে নগাঁও জিলা দণ্ডাধীশে।

উল্লেখ্য যে, ১৩ নৱেম্বৰত ৰাজ্যৰ ৫ সমষ্টিত অনুষ্ঠিত হ’ব বিধানসভাৰ উপ- নিৰ্বাচন। অসমৰ চামগুৰি, বিহালী, ধলাই, ছিদলী আৰু বঙাইগাঁও সমষ্টিৰ বাবে অনুষ্ঠিত হবলগীয়া নিৰ্বাচনৰ বাবে ইতিমধ্যে নিৰ্বাচনী প্ৰচাৰ সমাপ্ত হৈছে। এই সমষ্টি কেইটাত লাখ লাখ লোকে ভোট প্ৰদান কৰিব।

তথ্য অনুসৰি চামগুৰিত মুঠ ভোটাৰৰ সংখ্যা ১,৮০,৪৪৮ জন। ইয়াৰে পুৰুষ ভোটাৰ ৯১,৩০৪ জন,মহিলা ভোটাৰ ৮৯,১৩৩ গৰাকী। লগতে আছে ১১ গৰাকী তৃতীয় লিংগৰ ভোটাৰ। সমষ্টিটোৰ মুঠ ভোটকেন্দ্ৰৰ সংখ্যা ১৯৭ টা। ৩২ নং বঙাইগাওঁ বিধানসভা সমষ্টিটোত মুঠ ১,৮২,৩৫৪ গৰাকী ভোটাৰ আছে। ইয়াৰে ৮৯৫১০ গৰাকী পুৰুষ, ৯২৮৪২ গৰাকী মহিলা আৰু দুগৰাকী তৃতীয় লীংগৰ ভোটাৰ। সমষ্টিটোত থকা মুঠ ভোট কেন্দ্ৰৰ সংখ্যা হৈছে ২২৪৬ টা।

একেদৰে ৯৯৪৩১ গৰাকী পুৰুষ ভোটাৰ আৰু ৯৭৩৪০ গৰাকী মহিলা ভোটাৰ থকা ১১ নং ধলাই বিধানসভা সমষ্টিত মুঠ ভোটাৰ সংখ্যা হৈছে ১৯৬৭৭২ গৰাকী। সমষ্টিটোত তৃতীয় লীংগৰ ভোটাৰ আছে এগৰাকী। সমষ্টিটোৰ মুঠ ভোট কেন্দ্ৰৰ সংখ্যা হৈছে ২০৮ টা। বিহালী বিধানসভা সমষ্টিত মুঠ ভোটাৰ ১,৩৩,৩০০ গৰাকী। ইয়াৰে পুৰুষ ভোটাৰৰ সংখ্যা হৈছে ৬৫৯৩৪ গৰাকী আৰু মহিলা ভোটাৰ ৬৬৩৬৫ গৰাকী। সমষ্টিটোত তৃতীয়লীংগৰ ভোটাৰ আছে এগৰাকী। বিহালী বিধানসভা সমষ্টিত মুঠ ভোটকেন্দ্ৰৰ সংখ্যা হৈছে ১৫৪ টা। অৱশ্যে ছিদলী বিধানসভা সমষ্টিৰ ভোটাৰৰ তালিকা প্ৰকাশ কৰা নাছিল নিৰ্বাচন আয়োগে।

You May Also Like

More From Author