মৈৰাবাৰীত দৰিদ্ৰ লোকক ই-ৰিক্সা বিতৰণ আনফৰ ফাউণ্ডেশ্যনৰ।

1 min read

আজি জামিয়া ইছলামীয়া দাৰুল উলুম, মৈৰাবাৰী মাদ্ৰাছা প্ৰাঙ্গণত আনফৰ ফাউণ্ডেশ্যনৰ উদ্যোগত এখনি ই-ৰিক্সা বিতৰণী অনুষ্ঠান অনুষ্ঠিত হয়।

অসমৰ অন্যতম স্বেচ্ছাসেৱী অনুষ্ঠান আনফৰ ফাউণ্ডেশ্যনৰ Income Generation Projectৰ অধীনত মৰিগাঁও জিলাৰ বিভিন্ন অঞ্চলৰ দৰিদ্ৰ হিতাধীকাৰীসকলৰ মাজত ২০ খন ই-ৰিক্সা বিতৰণ কৰে।

 

অসম ৰাজ্যিক জমিয়ত উলামাৰ উপ সভাপতি মুফতি মতলুবুৰ ৰহমানৰ সভাপতিত্বত অনুষ্ঠিত ই-ৰিক্সা বিতৰণ অনুষ্ঠানত ফাউণ্ডেশ্যনৰ হৈ উপস্থিত থাকে আনফৰ ফাউণ্ডেশ্যনৰ উপ-সভাপতি মৌলানা গিয়াছ উদ্দিন, সাধাৰণ সম্পাদক ফিৰুজ আহমেদ লস্কৰ, প্ৰজেক্ট ক’অৰডিনেটৰ আব্দুল ক্বাদিৰৰ লগতে কাৰ্যকৰী সদস্যসকল ক্ৰমে আচলাম  আহমেদ আনফৰ, মুফতি মোজাহিদুল ইছলাম, ছফিকুল হক আৰু ৰাব্বুল আহমেদ লস্কৰ।

মৰিগাঁও জিলা জমিয়ত উলামাৰ সাধাৰণ সম্পাদক শ্বৰিফুল ইছলামে আঁত ধৰা অনুষ্ঠানটোত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে জামিয়া ইছলামীয়া দাৰুল উলুম, মৈৰাবাৰী মাদ্ৰাছাৰ সভাপতি ৰফিকুল হুছেইন, যুৱ নেতা মেহবুব মুক্তাৰ, জহিৰুল ইছলাম মুক্তাৰ, ইজ্জত আলী, মৈৰাবাৰী প্ৰেছ ক্লাৱৰ কাৰ্যকৰী সভাপতি বদৰুজ জামান আকতাৰ আৰু মৰিগাঁও জিলা জমিয়ত উলামাৰ প্ৰচাৰ সম্পাদক খাইৰুল ইছলাম।

ধিঙৰ পৰা সুৰুজ আলী।

You May Also Like

More From Author