সমগ্ৰ দেশৰ জীৱন ধাৰণৰ পৰিস্থিতি উন্নত কৰা আৰু জনজাতীয় সম্প্ৰদায়সমূহক শক্তিসমৃদ্ধ কৰাৰ বাবে জনজাতীয় কল্যাণৰ ক্ষেত্ৰত এক অভূতপূৰ্ব প্ৰতিশ্ৰুতিবদ্ধতাৰে এক ৰূপান্তৰশীল পৰিৱৰ্তনৰ মাজেৰে আগবাঢ়িছে ভাৰত। বহু বছৰৰ অৱহেলাৰ পিছত, কেৱল ব্যৱধানবোৰ আঁতৰোৱাই নহয়, লগতে তেওঁলোকৰ ঐতিহ্য উদযাপন কৰা, তেওঁলোকৰ যুৱপ্ৰজন্মক শক্তিসমৃদ্ধ কৰা, স্বাস্থ্যসেৱাৰ প্ৰৱেশানুকূলতা উন্নত কৰা, আৰু অৰ্থনৈতিক সুযোগ প্ৰদান কৰি জনজাতীয় কল্যাণৰ ক্ষেত্ৰত এক নতুন গুৰুত্ব প্ৰদান কৰা হৈছে। এই স্মৰণীয় পদক্ষেপসমূহৰ সৈতে ভাৰতে জনজাতীয় নাগৰিকসকলৰ সৈতে দেশৰ সম্পৰ্কক নতুন ৰূপ দিছে আৰু দীৰ্ঘদিন ধৰি উপেক্ষা কৰা সম্প্ৰদায়সমূহৰ বাবে সমৃদ্ধি, মৰ্যাদা আৰু সমতাৰ ব্যৱস্থা কৰিছে।
এই পৰিৱৰ্তনৰ এটা কেন্দ্ৰীয় স্তম্ভ হৈছে জনজাতীয় জনসংখ্যাৰ বাবে শিক্ষাৰ সম্প্ৰসাৰণ। ‘একলব্য আদৰ্শ আৱাসিক বিদ্যালয়’ (ইএমআৰএছ) স্থাপন আৰু বিকাশৰ ফলত জনজাতীয় শিক্ষাৰ্থীৰ নামভৰ্তিৰ হাৰ যথেষ্ট বৃদ্ধি পাইছে, এই সংখ্যা ৩৪,০০০ৰ পৰা ১.৩ লাখতকৈয়ো অধিক হৈছে। প্ৰথমবাৰৰ বাবে ভাৰতে জনজাতীয় কল্যাণৰ প্ৰতি ইয়াৰ বিত্তীয় প্ৰতিশ্ৰুতিবদ্ধতা অভিলেখ স্তৰলৈ সম্প্ৰসাৰিত কৰিছে। ‘জনজাতিসকলৰ উন্নয়নমূলক কাৰ্য পৰিকল্পনা’ৰ বাবে পুঁজি পাঁচগুণ বৃদ্ধি পাইছে, ২০১৩-১৪ বৰ্ষৰ ২৪,৬০০ কোটি টকাৰ পৰা ২০২৪-২৫ বৰ্ষত এক অবিশ্বাস্য ১.২৩ লাখ কোটি টকালৈ এই পুঁজি বৃদ্ধি কৰা হৈছে।
প্ৰথমবাৰৰ বাবে ‘চিকল চে’ল এনিমিয়া নিবাৰণ অভিযান’ৰ মাধ্যমেৰে ভাৰতে এক স্বাস্থ্য সমস্যাৰে মোকাবিলা কৰি আছে, যিয়ে জনজাতীয় সম্প্ৰদায়বোৰক অসামঞ্জস্যপূৰ্ণভাৱে প্ৰভাৱিত কৰি আহিছে। তিনি বছৰৰ ভিতৰত ৭ কোটি লোকক পৰীক্ষা কৰাৰ লক্ষ্যৰে অব্যাহত থকা এই অভিযানত এই পৰ্যন্ত ৪.৬ কোটিৰো অধিক লোকৰ পৰীক্ষা সম্পন্ন কৰা হৈছে। প্ৰথমবাৰৰ বাবে, জনজাতীয় শিক্ষাৰ্থীসকলে ব্যাপক বৃত্তি সহযোগিতা লাভ কৰিছে। এইসমূহ বৃত্তিয়ে এতিয়া বছৰি ৩০ লাখৰো অধিক শিক্ষাৰ্থীক লাভান্বিত কৰিছে, যোৱা ১০টা বছৰত মুঠ ১৭,০০০ কোটি টকা বিতৰণ কৰা হৈছে।
ভাৰতৰ প্ৰথমগৰাকী জনজাতীয় ৰাষ্ট্ৰপতি হিচাপে শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৰ নিৰ্বাচন জনজাতীয় প্ৰতিনিধিত্বৰ বাবে এক স্মৰণীয় পদক্ষেপ আছিল, যি চৰকাৰৰ সৰ্বোচ্চ পৰ্যায়ত অন্তৰ্ভুক্তি আৰু বাধা ভংগ কৰাৰ এক শক্তিশালী বাৰ্তা প্ৰেৰণ কৰে। তেওঁৰ ৰাষ্ট্ৰপতিত্ব ভাৰতৰ জনজাতীয় সম্প্ৰদায়সমূহৰ লাখ লাখ লোকৰ বাবে আশা আৰু সুযোগৰ প্ৰতীক হিচাপে পৰিগণিত হৈছে।