নতুন দিল্লী, ১৪ জানুৱাৰী ঃ ভাৰতীয় মহিলা দলে নতুন দিল্লীত আৰম্ভ হোৱা প্ৰথম খো খো বিশ্বকাপত অভিলেখ গঢ়ি বিশাল জয়ৰে নিজৰ অভিযান আৰম্ভ কৰিছে৷ মঙলবাৰে নিশা ইন্দিৰা গান্ধী ইনড’ৰ ষ্টেডিয়ামত হোৱা খেলত ভাৰতীয় মহিলা খো খো দলে দক্ষিণ কোৰিয়াৰ বিৰুদ্ধে অনবদ্য প্ৰদৰ্শন কৰি ১৭৫-১৮ গ’লৰ ব্যৱধানত জয়ৰে প্ৰতিযোগিতাত চমকপ্ৰদ আৰম্ভনি কৰিছে৷
ভাৰতীয় দলটোৰ এই বিজয়ত মুখ্য ভূমিকা লয় চৈত্ৰা বি, মীৰু আৰু অধিনায়িকা প্ৰিয়ংকা ইংলেই৷ আৰম্ভনিৰ পৰাই দক্ষিণ কোৰিয়াৰ বিৰুদ্ধে পইণ্ট অৰ্জন কৰাত সফল হয় ঘৰুৱা দলটো৷ কৰ্টত দ্ৰুত গতিবেগেৰে ভাৰতীয় দলে পূৰ্ণ শক্তিৰে আক্ৰমণ আৰম্ভ কৰে৷
মাত্ৰ নব্বৈ ছেকেণ্ডৰ ভিতৰতে নাছৰিন শইখ, প্ৰিয়ংকা ইংলে আৰু ৰেশমা ৰাথোৰ সংযুক্ত আক্ৰমণত ভাৰতে বিপক্ষতকৈ পইণ্টৰ ব্যৱধান দুগুন কৰি মেচত অধিপত্য বিস্তাৰ কৰে৷ ৰেশমাই ছটা টাচ পইণ্টৰ সৈতে আকৰ্ষণীয় স্থান দখল কৰাৰ বিপৰীতে মীনুৱে ১২ পইণ্টেৰে অসাধাৰণ প্ৰদৰ্শন আগবঢ়াই দলৰ স্ক’ৰ যথেষ্ট শক্তিশালী কৰে৷
টাৰ্ণ ২১ শেষলৈকে টিম ইণ্ডিয়াই ১৬টা বেচৰ অভিলেখ গঢ়ি ব্যৱধান ৯৪-১০ লৈ বৃদ্ধি কৰে৷ মেচৰ শ্ৰেষ্ঠ খেলুৱৈ ভাৰতৰ নাছৰিন শ্বেইখ হোৱাৰ বিপৰীতে ভাৰতৰে নিৰ্মলা ভাটি খেলখনৰ শ্ৰেষ্ঠ আক্ৰমণকাৰী তথা দক্ষিণ কোৰিয়াৰ এষ্টাৰ কিম মেচৰ শ্ৰেষ্ঠ ডিফেণ্ডাৰ হয়৷
মহিলাৰ ১৯ টা দলক চাৰিটা গ্ৰুপত ভাগ কৰা হৈছে৷ গ্ৰুপ ‘এ’ত ভাৰত, ইৰাণ, মালয়েছিয়া আৰু দক্ষিণ কোৰিয়া৷ গ্ৰুপ ‘বি’ত ইংলেণ্ড, অষ্ট্ৰেলিয়া, কেনিয়া, উগাণ্ডা, নেদাৰলেণ্ড, গ্ৰুপ ‘চি’ত নেপাল, ভূটান, শ্ৰীলংকা, জাৰ্মানী, বাংলাদেশ, গ্ৰুপ ‘ডি’ত দক্ষিণ আফ্ৰিকা, নিউজিলেণ্ড, পোলেণ্ড, পেৰু আৰু ইণ্ডোনেছিয়া৷
ছখন মহাদেশৰ ২৪ খন ৰাষ্ট্ৰৰ ২১ টা পুৰুষ আৰু ২০ টা মহিলা দলৰ অংশগ্ৰহণৰে সোমবাৰৰ পৰা নতুন দিল্লীত আৰম্ভ হোৱা তথা ভাৰতীয় খো খো ফেডাৰেচনে [কে কে এফ আই] ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণ [ছাই] ৰ তত্বাৱধানত তথা ভাৰতীয় অলিম্পিক সন্থাৰ সহযোগত আয়োজন কৰা প্ৰতিযোগিতাৰ কোৱাৰ্টাৰ ফাইনেল নকআউট মেচ ১৭ জানুৱাৰীত অনুষ্ঠিত হ’ব৷ ১৮ জানুৱাৰীত ছেমিফাইনেল আৰু ১৯ জানুৱাৰীত ফাইনেল৷