Year: 2025

ইউক্রেনৰ স’তে যুদ্ধবিৰতি কার্যকৰী নহ’লে হ’ব পাৰে অর্থনৈতিক অৱৰোধ, পুতিনকে সকীয়াই দিলে ট্রাম্পে !

ইউক্রেনৰ স’তে যুদ্ধবিৰতি কার্যকৰী নহ’লে হ’ব পাৰে অর্থনৈতিক অৱৰোধ, পুতিনকে সকীয়াই দিলে ট্রাম্পে !

ইউক্ৰেইনৰ স’তে যুদ্ধবিৰতিৰ বাবে সন্মতি নিদিলে ৰাছিয়াই অৰ্থনৈতিক নিষেধাজ্ঞাৰ সন্মুখীন হ’ব পাৰে। বুধবাৰে এই সতৰ্কবাণী দিলে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে । ট্ৰাম্পে লগতে জনাই যে তেওঁৰ বিশেষ দূত ষ্টিভ উইটকফে চলিত সপ্তাহৰ শেষৰ ফালে যুদ্ধবিৰতিৰ বিষয়ে আলোচনা কৰিবলৈ মস্কো ভ্ৰমণ কৰিব। ৰাছিয়াৰ স’তে ৩০ দিনীয়া যুদ্ধবিৰতিৰ বাবে সন্মত হৈছে ইউক্ৰেইন।

৮৩০০০ কোটি ক্ৰিপ্টো জালিয়াতিৰ অভিযোগত কেৰালাৰ পৰা গ্ৰেপ্তাৰ আমেৰিকাৰ ‘মষ্ট ৱাণ্টেড’!

৮৩০০০ কোটি ক্ৰিপ্টো জালিয়াতিৰ অভিযোগত কেৰালাৰ পৰা গ্ৰেপ্তাৰ আমেৰিকাৰ ‘মষ্ট ৱাণ্টেড’!

ক্ৰিপ্টো প্ৰৱঞ্চনাৰ গোচৰত অভিযুক্ত। আমেৰিকা যুক্তৰাষ্ট্ৰৰ ‘মোষ্ট ৱান্টেড’ তালিকাত থকা এজন লিথুৱেনিয়ান ব্যক্তিক গ্ৰেপ্তাৰ কৰা হয় কেৰালাত ।আৰক্ষীয়ে জনোৱা মতে,গ্ৰেপ্তাৰ কৰা ব্যক্তিজন ক্ৰিপ্টো জালিয়াতিৰ অন্যতম ষড়যন্ত্ৰকাৰী।আৰক্ষীৰ সূত্ৰ অনুসৰি অভিযুক্তৰ নাম এলেক্সেজ বাচিঅ’কভ। তেওঁ ‘গাৰাণ্টেক্স’ নামৰ এটা ক্ৰিপ্টো এক্সচেঞ্জ খুলিছিল। তেওঁ অভিযোগ অনুসৰি হেকিংকে ধৰি বিভিন্ন অপৰাধমূলক কাৰ্যকলাপত ক্ৰিপ্টো বিনিয়োগ কৰিছিল।এলেক্সেজৰ

যোগী প্রশাসনৰ নির্দেশতে হোলীত প্লাষ্টিক মেৰিয়াই দিয়া হ’ব সাম্ভালৰ ঐতিহাসিক জামা মছজিদ

যোগী প্রশাসনৰ নির্দেশতে হোলীত প্লাষ্টিক মেৰিয়াই দিয়া হ’ব সাম্ভালৰ ঐতিহাসিক জামা মছজিদ

এফালে চলি আছে পবিত্ৰ ৰমজানৰ নামাজ । আনফালে হোলী। সেয়ে সম্প্ৰীতি ৰক্ষাৰ স্বাৰ্থত প্লাষ্টিক মেৰিয়াই দিয়া হ’ব উত্তৰ প্ৰদেশৰ সাম্ভালৰ বিতৰ্কিত জামা মছজিদকে ধৰি ১০টা মছজিদ । যোগী প্ৰশাসনৰ সিদ্ধান্তক লৈ বিতৰ্ক উত্তৰ প্ৰদেশত  । সাম্ভালৰ ঐতিহাসিক জামা মছজিদৰ জৰীপক লৈ কেইমাহমান আগতে সংঘটিত হোৱা হিংসাত্মক ঘটনাৰ স্মৃতি এতিয়াও সতেজ

মহানগৰীৰ বেলতলা বজাৰত আৰক্ষীৰ অভিযানঅভিযানত আটক গুণ্ডা টেক্স সংগ্ৰহ কৰা ৫ যুৱকক

মহানগৰীৰ বেলতলা বজাৰত আৰক্ষীৰ অভিযানঅভিযানত আটক গুণ্ডা টেক্স সংগ্ৰহ কৰা ৫ যুৱকক

অৱশেষত যেন গা লৰিল দিছপুৰ আৰক্ষীৰ ৷মহানগৰীৰ মাজমজিয়াৰ বেলতলা বজাৰত দীৰ্ঘদিন ধৰি ক্ষুদ্ৰ ব্যৱসায়ীৰ পৰা গুণ্ডা টেক্স সংগ্ৰহ কৰাৰ নামত ভয়- ভাবুকি দি অহা পাঁচজনীয়া যুৱকৰ দল এটিক আটক কৰিবলৈ সক্ষম হয় আৰক্ষী ৷সপ্তাহত বৃহস্পতিবাৰ আৰু দেওবাৰে বহা বেলতলা বজাৰত বিভিন্ন থলুৱা শাক-পাচলি আৰু ভিন্ন সামগ্ৰী লৈ বজাৰলৈ আহে একাংশ

৫ ৰাশিৰ জাতক-জাতিকাৰ জীৱনলৈ আহিব বিপদ! হ’ব আৰ্থিক ক্ষতি….

৫ ৰাশিৰ জাতক-জাতিকাৰ জীৱনলৈ আহিব বিপদ! হ’ব আৰ্থিক ক্ষতি….

৭ মাৰ্চৰ পৰা আৰম্ভ হোৱা হোলী অষ্টক ১৩ মাৰ্চত হোলিকা দাহনলৈকে চলিব। হোলিকা দাহনৰ লগে লগে শেষ হ’ব হোলী। ফাগুন মাহৰ শুক্লপক্ষৰ অষ্টমীৰ পৰা পূৰ্ণিমালৈকে ৮ তিথিক হোলী অষ্টক বুলি জনা যায়। এই সময়ছোৱাত কোনো শুভ কাম কৰা নহয়। এই বছৰৰ শেষত ৫টা ৰাশিৰ লোকে সাৱধান হ’ব লাগে। কাৰণ এই