Advertisement

নগাঁৱৰ জামুগুৰি দঘাট চুবুৰীৰ ২৪০ বছৰীয়া নামঘৰৰ প্ৰতিষ্ঠা দিৱস

নগাঁৱৰ জামুগুৰি দঘাট চুবুৰীৰ ২৪০ বছৰীয়া নামঘৰৰ প্ৰতিষ্ঠা দিৱস

হৰিনাম-খোল-তাল ধ্বনিৰে মুখৰিত,কৃতী ছাত্ৰ- ছাত্ৰীক সম্বৰ্ধনা

নিউজ ব্যুৰ’,নগাঁও,২৭ নবেম্বৰ:– শ্ৰীমন্ত শংকৰ / হৰি ভকতৰ /জানা যেন কল্পতৰু / তাহান্ত বিনাই / নাহি নাহি আমাৰ পৰম গুৰু আদি গুৰু বন্দনাৰ নামৰ লহৰ,কীৰ্তন ভাগৱতৰ ছন্দ, খোল-তাল শব্দত মুখৰ নগাঁও জিলাৰ বেবেজীয়াৰ সমীপৰ জামুগুৰিৰ দ-ঘাট নামঘৰ । আজি জামুগুৰিৰ দ-ঘাট চুবুৰীৰ ২৪০বছৰীয়া নামঘৰৰ প্ৰতিষ্ঠা দিৱসটি মাংগলিক অনুষ্ঠানৰ মাজেৰে সম্পন্ন হয় । এই উপলক্ষে পুৱা ৫ বজাত গায়ন-বায়ন, আয়তিৰ উৰুলি,ডবা-কাঁহ-শংখ ধ্বনিৰে ঊষা কীৰ্তন কৰা হয় । ৬ বজাত সমাজকৰ্মী প্ৰেমেশ্বৰ নাথৰ পৰিচালনাত সম্পন্ন হয় গন্ধ বাদন । ইয়াৰ পাছতে ধৰ্মধ্বজা উত্তোলন কৰে সমাজকৰ্মী ফটিক চন্দ্ৰ নাথে আৰু স্মৃতি তৰ্পন কৰে যোগেশ্বৰ নাথ তথা দীনমণি নাথে । ইয়াৰ পাছতে পাঠচাৰ্য কামেশ্বৰ নাথৰ কীৰ্তন পাঠ,বায়ন ৰুহিত নাথ আৰু গায়ন হেমকান্ত নাথৰ সংগীবৃন্দৰ তত্বাৱধানত খোল প্ৰসংগ-নাম প্ৰসংগ কৰা হয় । বিয়লি প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি এখনি শৈক্ষিক সম্বৰ্ধনা অনুষ্ঠানত চলিত বৰ্ষত উচ্চ মাধ্যমিক শিক্ষান্ত পৰীক্ষা সুখ্যাতিৰে উত্তীৰ্ণ স্মৃতিৰেখা দেৱী,নয়না দেৱী,নয়ন জ্যোতি নাথ আৰু পল নাথক সম্বৰ্ধনা জনোৱা হয় ।

উল্লেখ্য শৈক্ষিক সম্বৰ্ধনা অনুষ্ঠানৰ দাতা হৈছে ৰাজেন নাথ । নামঘৰ পৰিচালনা সমিতিৰ সম্পাদক হৰেশ্বৰ নাথ,উন্নয়ন সমিতিৰ কাৰ্যকৰী সভাপতি ধেনুৰাম নাথ আৰু সমাজকৰ্মী ইন্দ্ৰ কান্ত নাথে আঁত ধৰা অনুষ্ঠানটিত সমাজকৰ্মী হলিৰাম নাথ,শুকুৰাম নাথ, পাঠাচাৰ্য কামেশ্বৰ নাথ,বৰবায়ন ৰোহিত নাথ,গায়ন হেমকান্ত নাথ,অৱসৰপ্ৰাপ্ত শিক্ষক ৰোহিত নাথ,শাস্ত্ৰজ্ঞ-কবি নৰেন নাথ,গায়ন প্ৰবোধ নাথ,ভকতৰাম নাথ, সোণাৰাম নাথ,ৰামেশ্বৰ নাথ, লীলাধৰ শইকীয়া,সোণাৰাম নাথ, ধীৰেশ্বৰ নাথ,ধন নাথকে ধৰি বহুকেইজন বিশিষ্ট ব্যক্তি-ধৰ্মপ্ৰাণ ব্যক্তি তথা আইমাতৃসকল উপস্থিত থাকে । সন্ধ্যা বন্তি প্ৰজ্বলন আৰু যোৰা পৰিবেশন কৰা হয় । নিশালৈ মহিলাসকলৰ দ্বাৰা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিৰচিত নাট ” কেলিগোপাল” নাটখনি পৰিৱেশন কৰা হয় । নাটখনি উদ্বোধন কৰে ননৈ মহাবিদ্যালয়ৰ সহ:অধ্যাপিকা ড°কবিতা দেৱী কুশ্ৰেয়ে । কাইলৈ অৰ্থাৎ ২৮ নবেম্বৰত পুৱা ঊষা কীৰ্তন,গন্ধ বাদন,দুপৰীয়া নাম প্ৰসংগ,সন্ধ্যা খোল প্ৰসংগ, জোৰা পৰিবেশনৰ অন্তত নিশালৈ যুৱক বৃন্দৰ দ্বাৰা “কেলিগোপাল” নাটখনি পৰিবেশন কৰা হ’ব বুলি উদ্যোক্তাসকলে জনাইছে ।

ঋতু পৰ্ণ শৰ্মা,নগাঁও

Shahnawaz Hamza