মৰিয়াই মৰিয়াই এজনক হত্যা, আটক অভিযুক্ত!

মৰিয়াই মৰিয়াই এজনক হত্যা, আটক অভিযুক্ত!

কামৰূপ জিলাৰ আল্টা গাঁৱত সংঘটিত হোৱা হত্যাকাণ্ডৰ মূল অভিযুক্ত নয়নমনি ডেকাক অৱশেষত বাইহাটা চাৰিআলি আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয়।

যোৱা ২১ ডিচেম্বৰ নিশা সংঘটিত হৈছিল এক চাঞ্চল্যকৰ হত্যাকাণ্ড। অভিযোগ অনুসৰি একেখন গাঁৱৰ নিবাসী তথা দুটা সন্তানৰ পিতৃ বিনয় ৰাজবংশী নামৰ এজন লোকক টাঙোনেৰে প্ৰহাৰ কৰি হত্যা কৰিছিল নয়নমনি ডেকাই।

উক্ত ঘটনাৰ পিছত আল্টা গাঁৱত তীব্ৰ উত্তেজনাৰ সৃষ্টি হোৱাৰ লগতে ঘটনা সন্দৰ্ভত বিনয় ৰাজবংশীৰ পত্নীয়ে বাইহাটা চাৰিআলি আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰিছিল।

হত্যাকাণ্ড সংঘটিত কৰি পলায়ন কৰি থকা নয়নমনি ডেকাক আটক কৰাৰ দাবীত আল্টা গাঁৱৰ শতাধিক পুৰুষ মহিলাই বাইহাটা চাৰিআলি আৰক্ষী থানাৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰিছিল। তাৰ পিছতে আৰক্ষীয়ে ৭২ ঘন্টাৰ ভিতৰত নয়নমনি ডেকাক আটক কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল।

অৱশেষত সোমবাৰে পুৱা স্থানীয় লোকে নয়নমনি ডেকাক নিজৰ বাসগৃহৰ সমীপত প্ৰত্যক্ষ কৰি উত্তম মধ্যম দিয়ে। বাইহাটা চাৰিআলি আৰক্ষীয়ে ঘটনা সম্পৰ্কে জানিব পাৰি উত্তেজিত লোকৰ কবলৰ পৰা নয়নমনিক উদ্ধাৰ কৰি আটক কৰে।

আটকাধীন নয়নমনিক আৰক্ষীয়ে স্বাস্থ্য পৰীক্ষাৰ বাবে বেজেৰা সামুহিক স্বাস্থ্যকেন্দ্ৰলৈ লৈ যায় যদিও চিকিৎসকে নয়নমনিক জি এম চি এইচ লৈ প্ৰেৰণ কৰে। হত্যাৰ অভিযুক্ত নয়নমনি ডেকাৰ পত্নীয়েও উচিত শাস্তি বিচাৰিছে।

GTM Desk

Related