৩০ অক্টোবৰত ৫ বিধানসভা সমষ্টিত স্থানীয় বন্ধ ঘোষণা

0 min read

অহা ৩০ অক্টোবৰত ৰাজ্যৰ গোসাঁইগাঁও, ভৱানীপুৰ, তামুলপুৰ, মৰিয়নি আৰু থাওৰা বিধানসভা সমষ্টিৰ উপ–নির্বাচন অনুষ্ঠিত হ’ব৷ উপ–নির্বাচনৰ পৰিপ্রেক্ষিতত ৰাজ্য চৰকাৰে ভোটগ্রহণৰ দিনটো উক্ত পাঁচ সমষ্টিত স্থানীয় বন্ধৰ দিন হিচাপে ঘোষণা কৰিছে৷ জনসাধাৰণৰ ভোটদানৰ সুবিধার্থে চৰকাৰে সমষ্টিকেইটাত সেই দিনটো চৰকাৰী বন্ধৰ দিন হিচাপে ঘোষণা কৰে৷ সেইদিনা চৰকাৰী–বেচৰকাৰী কার্যালয়, শিক্ষানুষ্ঠানৰ লগতে কল–কাৰখানা, চাহ বাগিচা, ব্যৱসায়িক প্রতিষ্ঠান আদিও বন্ধ থাকিব৷

You May Also Like

More From Author