ডিমা হাচাও স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনৰ দিন ঘোষণা
গুৱাহাটী,১২ ডিচেম্বৰঃ ঘোষণা কৰা হ’ল ডিমা হাচাও স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচনৰ দিন। ৮ জানুৱাৰীত অনুষ্ঠিত হ’ব ডিমা হাচাও স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচন। আনহাতে নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হ’ব ১২ জানুৱাৰীত। আজি এই কথা ঘোষণা কৰে ৰাজ্যিক নিৰ্বাচন আয়ুক্ত আলোক কুমাৰে। অসম ৰাজ্যিক নিৰ্বাচন আয়োগৰ গুৱাহাটীস্থ কাৰ্যালয়ত মঙলবাৰে এখন সংবাদমেল সম্বোধন কৰি ৰাজ্যিক নিৰ্বাচন আয়ুক্ত আলোক কুমাৰে ডিমা হাচাও স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচনৰ সবিশেষ সদৰি কৰে। সেই অনুসৰি ৮ জানুৱাৰীত নিৰ্বাচন অনুষ্ঠিত হ’ব। পুৱা ৮ বজাৰ পৰা বিয়লি ৪ বজালৈ ভোটগ্ৰহণ প্ৰক্ৰিয়া সম্পন্ন হ’ব। ভোটগনণা অনুষ্ঠিত হ’ব ১২ জানুৱাৰীত আৰু সিদিনাই ফলাফল ঘোষণা কৰা হ’ব।