থাৰ আৰু জিপচি বাহনৰ মুখামুখি সংঘৰ্ষত ৪ জন নিহত..

থাৰ আৰু জিপচি বাহনৰ মুখামুখি সংঘৰ্ষত ৪ জন নিহত..

সোমবাৰে পুৱাই ধনশিৰি মহকুমাৰ কাষৰীয়া অঞ্চলত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা। কাৰ্বিআংলংৰ মাজেৰে যোৱা ৩৯ নং ৰাষ্ট্ৰীয় ঘাই পথত সংঘটিত এই পথ দুৰ্ঘটনাত ৪ জন লোক নিহত হয়।

জানিব পৰা মতে আজি পুৱা বৰপথাৰ আৰক্ষী থানাৰ অন্তৰ্গত হলৌখোৱাত এই দুৰ্ঘটনাটো সংঘটিত হয়। AS 01 FJ 4114 নম্বৰৰ এখন ডিমাপুৰ অভিমুখী থাৰ বাহন আৰু NL 04 C 3801 নম্বৰৰ গোলাঘাট অভিমুখী জিপচী বাহনৰ মাজত মুখামুখি সংঘৰ্ষৰ ফলত দুৰ্ঘটনাটো হয় ৷

এই ভয়ংকৰ পথ দুৰ্ঘটনাত ৪ জন থিতাতে নিহত হোৱাৰ লগতে আন ৪ জন গুৰুতৰভাৱে আহত হয়। আহত কেইজনক ইতিমধ্যে বোকাজান চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে।

বৰ্তমানলৈকে নিহতসকলৰ নাম জানিব পৰা হোৱা নাই। ঘটনাস্থলীত আৰক্ষী আৰম্ভ হৈ মৃতদেহ কেইটা উদ্ধাৰ কৰি তদন্ত অব্যাহত ৰাখিছে।

GTM Desk

Related