তপা হোৱাৰ সমস্যা দূৰ কৰিবলৈ এই প্ৰতিকাৰ গ্ৰহণ কৰক…

তপা হোৱাৰ সমস্যা দূৰ কৰিবলৈ এই প্ৰতিকাৰ গ্ৰহণ কৰক…

চুলি সৰা, পকা আমাৰ প্রায় মহিলাৰ বাবে এটা ডাঙৰ সমস্যা হৈ পৰিছে। বয়স হৈ আহিলে চুলি পকে।

কিন্তু কেতিয়াবা কোনো কোনো লোকৰ ২০,২৫,৩০ বছৰ বয়সতে চুলি পকা আৰম্ভ হয়। ইয়াক চুলি ৰোগ বুলিয়ে ধৰিব লাগিব আৰু চিকিৎসা আৱশ্যক।

এক চামুচ আমলখি গুড়ি ৰাতি শোৱাৰ আগত খাই শুই থাকিব লাগে। আমলখি খোৱাৰ পাছত আৰু একো খাব নালাগে। চুলি পকা বন্ধ হব। লগতে চুলিৰ সৌন্দৰ্য, দেহৰ সৌন্দৰ্য হব। যদি গলৰ ঘৰঘৰণি শব্দ ও থাকে ভাল হব।।

আমলখি পানী ৰে নিয়মিত ভাৱে মূৰ ধুলে চুলি পকা বন্ধ হয়। ২৫ গ্ৰাম শুকান আমলখি টুকুৰা টুকুৰকৈ ভাঙি ৰাতি ২৫০ মিলিলিটাৰ পানীত ৰাতি তিয়াই থওক। ৰাতিপুৱা আমলখি খিনি পানীৰে ভালকৈ মোহাৰি মোহাৰি লৈ পানীখিনি চেকি লওক আৰু মূৰৰ চুলি গুৰিত এই পানী লাহে লাহে ঘঁহি -পিহি দিয়ক। ১৫-২০ মিনিট পাছত পানীৰে মূৰ ধুই দিয়ক। চুলি সকলো সমস্যাৰ দূৰ হব। সপ্তাহত এবাৰ কৰিলে চুলি অকালতে নপকে।।

## ৰাতিপুৱা একেৰাহে কিছুদিন তিল ৫০ গ্ৰাম কৈ খালে চুলি ক লা হয়।

### এটা নেমুটেঙাৰ ৰসত দুগুণ নাৰিকলৰ তেল লৈ মূৰত ঘঁহি মূৰ ধুব লাগে। ধোঁৱা ৰ আগত হাতৰ আঙুলি ৰে চুলিৰ গুৰিত ভালকৈ ঘঁহিব লাগে। চুলি সৰা বন্ধ হব, উফিও নাইকিয়া হব।

###চুলি বঢ়াব খুজিলে – নেমুটেঙাৰ ৰস আৰু আমলখি চূৰ্ণ মিহলাই চুলিত সানিলে নতুন চুলি গজিবলৈ আৰম্ভ কৰিব।

## এভাগ মৌ আৰু দুগুণ নাৰিকলৰ তেল মিহলাই ৰাতি গুৰিত লগাওক আৰু মালিছ দিয়ক। তাৰ কেইঘন্টামান পাছত মূৰ ধুই পেলাওক। চুলি বাঢ়ি ঘন হব, দীঘল আৰু কলা হব।

## তপা মূৰ হলে ,,আমলখি ব্যৱহাৰে তপা মূৰলৈও চুলি আনে। নাৰকিল তেলত লগত আমলখি মিহলাই ভালকৈ মালিছ কৰিব লাগে। তপা হোৱা ৰ সমস্যা দূৰ হব।

##মূৰ ৰ উফি / নাৰিকল তেল ১০০ মিলিলিটাৰ, কপূৰ ৪ গ্ৰাম আৰু মিহলাই এটা বটলত ৰাখি, দিনত গা ধোৱাৰ পাছত চুলি শুকালে এবাৰ আৰু ৰাতি শোৱাৰ আগত এবাৰ গুৰিত ভালকৈ মালিছ কৰিব লাগে। লগোৱাৰ পাছৰ দিনাৰ পৰাই উফি কম হব লগতে ওকণি থাকিলে ও নাশ হব।।

## ২,৩ টা নেমুৰ ৰস উলিয়াই ২,৩ লিটাৰ পানীত মিহলাই, তেনে পানীৰে নিতৌ এসপ্তাহ মূৰ ধুলে উফি, ওকণি সকলো শেষ হৈ যাব, চুলিৰ উজ্জ্বলতা বাঢ়িব।।।

GTM Desk

Related