মাৰ্কিন বায়ুসেনাৰ বৈমানিক মেডিছন মার্চ মিছ আমেৰিকা নির্বাচিত
আমেৰিকাৰ ইতিহাসত প্ৰথমবাৰলৈ সক্রিয় বায়ুসেনাৰ বৈমানিক যুৱতী মিছ আমেৰিকা নিৰ্বাচিত হ’ল।
২২ বছৰীয়া মেডিছন মার্চে ২০২৪ বৰ্ষৰ মিছ আমেৰিকাৰ খিতাপ জয় কৰিলে। মেডিছনে মিছ ৱৰ্ল্ড ২০২৪ত আমেৰিকাত প্রতিনিধিত্ব কৰিব।
খিতাপ জয়ৰ পাছত এক সাক্ষাৎকাৰত মেডিছনে এইদৰে ক’লে, ‘সবাতোকৈ আনন্দৰ কথাটো হ’ল যে এই খিতাপ জয় কৰা মই হ’লো প্রথম সক্রিয় বায়ুসেনাৰ বৈমানিক।
সঁচা ক’বলৈ হ’লে মোৰ বাবে এই কামটো জে এফ-১৬ যুঁজাৰু জেট বিমান চলোৱাতকৈ কঠিন আছিল।’ আনহাতে, মেডিছনৰ এই সফলতাত আমেৰিকাৰ বায়ুসেনা বাহিনীয়ে আনন্দ প্রকাশ কৰি কয় যে এয়া বিভাগটোৰ বাবে এক গৌৰৱৰ বিষয়।
মেডিছনে অলপতে এয়াৰফ’ৰ্চ একাডেমীৰ পৰা ডিগ্রী গ্ৰহণ কৰি আমেৰিকাৰ বায়ুসেনাত বৈমানিক হিচাপে কর্মজীৱন আৰম্ভ কৰিছিল। মিছ আমেৰিকা প্রতিযোগিতাত অংশ লৈ সকলোৰে দৃষ্টি আকর্ষণ কৰাৰ লগতে খিতাপ জয় কৰিও চমক দিলে মেডিছনে।
১৫ বছৰ বয়সতে মেডিছনে বায়ুসেনাত বৈমানিক হিচাপে কেৰিয়াৰ গঢ়াৰ সপোন দেখিছিল।